অসমত আৰম্ভ হ'ব ইলেক্ট্ৰনিক উৎপাদনৰ উদ্যোগ: অশ্বিনী বৈষ্ণৱ গুৱাহাটী,১৭ মে':উত্তৰ-পূৱ যোগাযোগৰ ক্ষেত্ৰত পূৰ্বতকৈ বহুত উন্নত হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূব যোগাযোগ ব্যৱস্থা উন্নয়ন কৰাত যথেষ্ট গুৰুত্ব দি আহিছে (PC by Union Minister Ashwini Vaishnaw) । বুধবাৰে গুৱাহাটীৰ উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় ৰে'ল তথা তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা সদৰি কৰে ।
তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চল বিকাশৰ দিশত আগবাঢ়ি যোৱাত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিছে । অসমত ইলেক্ট্ৰনিক উৎপাদনৰ দুটা উদ্যোগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই ক্ষেত্ৰত অসম চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰৰ আলোচনা অব্যাহত আছে । তেওঁ কয় যে এই উদ্যোগ স্থাপন হ'লে অসমত অধিক নিবনুৱা সংস্থাপনৰ পথ প্ৰশস্ত হ'ব (Union Minister Ashwini Vaishnaw) ।
সংবাদমেলৰ জৰিয়তে তেওঁ জনায় যে দেশত মোবাইল ফোনৰ উৎপাদনৰ লিংকড ইনচেণ্টিভ আঁচনি গ্ৰহণ কৰা হৈছে । তেওঁ লগতে জনায় যে আজি কেন্দ্ৰীয় কেবিনেটত প্ৰডাকশ্বন লিংকড ইনচেণ্টিভ আঁচনিৰ বিষয়ে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে (Production Linked Incentive Plan) । কেবিনেটে দেশত অহা ছয় বছৰত ইলেক্ট্ৰনিক উৎপাদনত স্বনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্যে ১৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ আই টি হাৰ্ডৱেৰ প্ৰডাকশ্বন লিংকড ইনচেণ্টিভ আঁচনি ২.০ গৃহীত কৰিছে ।
অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতত ইলেক্ট্ৰনিক উৎপাদনে যোৱা ৮ বছৰত বছৰি ১৭% বিকাশ কৰিছে । এই বছৰ ইলেক্ট্ৰনিক উৎপাদনে প্ৰায় ৯ লাখ কোটি টকা উৎপাদনৰ এক মুখ্য মানদণ্ড অতিক্ৰম কৰিছে । ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মোবাইল ফোন নিৰ্মাতা দেশ হৈ পৰিছে । মোবাইল ফোনৰ ৰপ্তানি এই বছৰ প্ৰায় ৯০ হাজাৰ কোটি টকাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ।
বিশ্বব্যাপী ইলেক্ট্ৰনিক নিৰ্মাণৰ এক পৰিৱেশ ভাৰতলৈ আহি আছে আৰু ভাৰত এখন মুখ্য ইলেক্ট্ৰনিক নিৰ্মাণকাৰী দেশ হিচাপে পৰিগণিত হৈছে । উল্লেখযোগ্য যে আঁচনিখনে আইটি হাৰ্ডৱেৰৰ বাবে পি এল আইয়ে লেপটপ, টেবলেট, অল-ইন-ৱান পিচি, চাৰ্ভাৰ আৰু অতি সৰু ফৰ্ম ফেক্টৰ ডিভাইচসমূহ সামৰি ল'ব ।
আঁচনিখনৰ বাজেট ব্যয় হৈছে ১৭ হাজাৰ কোটি টকা । এই আঁচনিৰ সময়সীমা ৬ বছৰ নিৰ্ধাৰণ কৰা হৈছে । অশ্বিনী বৈষ্ণৱে লগতে উল্লেখ কৰে যে বৃহৎ আইটি হাৰ্ডৱেৰ কোম্পানীবোৰে ভাৰতত উৎপাদন সুবিধা স্থাপনত তীব্ৰ আগ্ৰহ দেখুৱাইছে । দেশৰ ভিতৰত ভাল চাহিদা থকা শক্তিশালী তথ্য প্ৰযুক্তি সেৱা উদ্যোগৰ দ্বাৰা ইয়াক অধিক সমৰ্থন কৰা হ'ব । বেছিভাগ কোম্পানীয়ে ভাৰতত অৱস্থিত এটা সুবিধাৰ পৰা ভাৰতৰ ভিতৰত ঘৰুৱা বজাৰ যোগান ধৰিব বিচাৰে আৰু লগতে ভাৰতক ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰে ।
লগতে পঢ়ক:Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ জখলাবন্ধাত অপৰাধ অনুসন্ধান শাখাৰ দল