অসম

assam

ETV Bharat / state

অসমত পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ !

'গণতন্ত্রৰ ভেঁটি শক্তিশালী কৰাৰ বাবে অসমৰ ৰাইজ যে আগ্ৰহী সেই কথা এইবাৰৰ নিৰ্বাচনত প্ৰতিফলিত হৈছে । জনসাধাৰণৰ উৎসাহৰ অন্তৰালত আছে বিজেপি চৰকাৰৰ পাঁচ বছৰীয়া ভাল কামৰ ফল' । বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত এইদৰে মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সংবাদমেলত উপস্থিত থাকে 'নেডা'ৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাস ।

হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত বিজেপিৰ সংবাদমেল
হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত বিজেপিৰ সংবাদমেল

By

Published : Apr 8, 2021, 7:46 PM IST

গুৱাহাটী, ৮ এপ্ৰিল: '২০১৬ৰ নিৰ্বাচনৰ সময়ত ২৬০টা ঘটনা সংঘটিত হৈছিল যদিও এইবাৰ ১১৯টা ঘটনা সংঘটিত হৈছে' । এই তথ্য সদৰি কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৰাজ্যত তিনিটা পৰ্যায়ত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । লগতে নিৰ্বাচন আয়োগ আৰু সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰে ।

বৃহস্পতিবাৰে ৰ‍াজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী সোণোৱালে কয় ' গণতন্ত্রৰ ভেঁটি শক্তিশালী কৰাৰ বাবে অসমৰ ৰাইজ যে আগ্ৰহী সেই কথা এইবাৰৰ নিৰ্বাচনত প্ৰতিফলিত হৈছে । জনসাধাৰণৰ উৎসাহৰ অন্তৰালত আছে বিজেপি চৰকাৰৰ পাঁচবছৰীয়া ভাল কামৰ ফল । ৰাইজে বিজেপি নেতৃত্বৰ মিত্রজোঁটৰ চৰকাৰ পুনৰ হোৱাটো বিচাৰিছে । বিগত পাঁচ বছৰত আমাৰ চৰকাৰে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰিলে' ।

পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ হ'ব আৰু চৰকাৰখনে জনগণৰ স্বাৰ্থত কাম কৰি যাব বুলিও তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্রী সোণোৱালে বিজেপিৰ সকলো শীৰ্ষ নেতাৰ লগতে দলীয় সকলো নেতা-কৰ্মীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ।

বিজেপিয়ে মূল্যবোধৰ ৰাজনীতিৰ ভেঁটি প্ৰতিষ্ঠা কৰা বুলি সদৰি কৰি মুখ্যমন্ত্রী সোণোৱালে বিজেপি চৰকাৰৰ বিগত পাঁচবছৰীয়া কাৰ্যকালৰ সফলতাসমূহ উল্লেখ কৰে । সংবাদমেলত 'নেডা'ৰ আহ্বায়ক মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিজেপিৰ প্ৰতি ৰাইজৰ সমৰ্থন অবিস্মৰণীয় । নিৰ্বাচনত ৰাইজে বিজেপি আৰু মিত্রদলক হিয়া উজাৰি আশীৰ্বাদ দিলে । ২০১৬ৰ নিৰ্বাচনৰ তুলনাত এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ৰাইজৰ বহু বেছি সমৰ্থন লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

এইবাৰ বিৰোধী নিশকতীয়া আছিল বুলি সমালোচনা কৰি তেওঁ কয় যে, 'কংগ্ৰেছৰ এজেণ্টৰ অভাৱ হৈছিল । এইবাৰ কংগ্ৰেছ এজন ব্যক্তিৰ শৰণাপন্ন হৈ আছিল । বদৰুদ্দিন আজমলে কংগ্ৰেছ আৰু মহাজোঁটৰ আন দলৰ নেতৃত্ব লৈছে । এইবাৰ বিজেপিৰ ফলাফল ভাল হ'ব আৰু অভিলেখ সংখ্যক আসনত জয়যুক্ত হ'ব ।'

সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে কয় ' অসমৰ ৰাইজে বিজেপিক হিয়া উজাৰি আশীৰ্বাদ দিছে । বিজেপিয়ে জাতি-মাটি-ভেঁটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে । সকলো ক্ষেত্রতে সফলতা লাভ কৰিছে । সেয়ে, ৰাইজে আমাক আশীৰ্বাদ দিছে । বিজেপি নেতৃত্বৰ মিত্রজোঁটে পুনৰ চৰকাৰ গঠন কৰাটো নিশ্চিত । আমি লেটাৰসহ ডিষ্টিংছন লৈ চৰকাৰ গঠন কৰিব গৈ আছো ।' উল্লেখ্য যে, বিজেপিয়ে অভিলেখ সংখ্যক আসনেৰে পুনৰ চৰকাৰ গঠন কৰিব বুলি প্ৰবল আত্মবিশ্বাসী হৈ আছে ।

লগতে পঢ়ক:বকলীয়াঘাটত পথ দুর্ঘটনাত দুজন আহত

ABOUT THE AUTHOR

...view details