গুৱাহাটী, 3 জুন :পুনৰ আন এক আত্মহত্যাই কঁপাইছে ৰাজ্য ৷ এইবাৰ যোৰাবাটস্থিত নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা । তথ্য অনুসৰি, চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এজন কেঞ্চাৰ ৰোগীয়ে কৰে আত্মহত্যা(Man commits suicide at North East Cancer Hospital) ৷
ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে নিশা ৰোগীগৰাকীয়ে হাস্পতালখনৰ জেনেৰেল ৱাৰ্ডৰ পৰা ওলাই আহি কেবিন নম্বৰ 201 ত এখন চিলিং ফেনত ছিপ জৰী আত্মহত্যা কৰে । আত্মহত্যা কৰা লোকজন লখিমপুৰৰ পদ্ম চেত্ৰী বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি হাস্পতালত পুৱাই সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Guwahati suicide case) ৷