অসম

assam

ETV Bharat / state

ASTC Employee Problems : সীমাহীন সমস্যাৰ মাজত পৰিবহণ নিগমৰ কৰ্মচাৰীৰ জীৱন - ASTC Employee Problems

পৰিবহন বিভাগে পুনৰ উদঙাইছে উন্নয়ণৰ নমুনা (ASTC Employees Problems) ৷ বিভাগটোৰ কৰ্মচাৰীৰ চৰকাৰী আৱাসগৃহৰ অৱস্থা দেখিলে আপুনিও ক’ব- হায় হায় ! এনে পৰিৱেশতো মানুহ থাকে ?

ASTC Employee Problem
সীমাহীন সমস্যাৰ মাজত পৰিবহণ নিগমৰ কৰ্মচাৰী

By

Published : Nov 13, 2022, 10:10 PM IST

গুৱাহাটী, 13 নৱেম্বৰ : এটা কদৰ্যময় পৰিৱেশ ৷ আপুনি বিশ্বাস নকৰিলেও উক্ত পৰিৱেশটোতে বছৰ বছৰ ধৰি দিন-ৰাতি কটাই আছে প্ৰায় 40 টা পৰিয়ালে ৷ তাকো সম্ভ্ৰান্ত মহানগৰীত ৷ তাতোকৈ লজ্জাজনক আৰু দুখজনক কথাটো হ’ল যে, এই পৰিৱেশটোত বসবাস কৰা পৰিয়ালকেইটা অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীৰ (ASTC Employees Problems)৷

ৰাজ্যত যে পৰিবহন নামৰ এটা চৰকাৰী বিভাগ আছে (Assam State Transport Corporation), সেই কথা হয়তো আপুনি মাজে-সময়ে কাকতে-টিভিয়ে দেখে অথবা শুনে ৷ আপুনি হয়তো এই কথাও ভালদৰে জানে যে, পৰিবহন বিভাগৰ বাবেও শ শ কোটি টকা চৰকাৰে আৱন্টন দিয়ে ৷ সেই টকা ক’ত কেনেকৈ খৰচ হয় পৰিবহন বিভাগৰ বাছসেৱাই দেখুৱাই আহিছে (Fund for ASTC) ৷ এইবাৰ আমি অতি দুখেৰে দেখুৱাবলৈ বিচাৰিছো পৰিবহন বিভাগৰ বাছৰ ড্ৰাইভাৰ, কণ্ডাক্টৰ, মেকানিকসকলৰ বাবদ কিমান টকা খৰচ কৰে বিভাগে ৷

পৰিবহণ বিভাগে দৰমহাৰ নামত গড়ে প্ৰায় 8600 টকা, খোৱাপানীৰ নামত ঘোলাপানী, আৱাসগৃহৰ মেৰামতিৰ বাবদ নাই ফুটাকড়ি, চৌহদৰ বেৰাৰ বাবদ কৰি দিম, হ’ব ইত্যাদি আশ্বাস ৷

সীমাহীন সমস্যাৰ মাজত পৰিবহণ নিগমৰ কৰ্মচাৰী

এইখিনিতে উল্লেখ কৰিব লাগিব, কৰ্মচাৰীসকলে নিজাববীয়াকৈ কুঁৱা খান্দি লৈছে যদিও সেয়া ব্যৱহাৰৰ উপযোগী নহয় । এটা শৌচালয়ত তিনি চাৰিটা পৰিয়ালে ব্যৱহাৰ কৰি বিভাগটোৰ উন্নতিত সহায় কৰি আহিছে কৰ্মচাৰীসকলে ৷ অৱশ্যে বিভাগে নিদিলেও মাজে-সময়ে বৰুণ দেৱতাৰ কৃপাত মাত্ৰ এজাকে বৰষুণতে উভৈনদী হৈ পৰে পানী ৷ তলতো পানী, ওপৰতো পানী ৷ কেৱল খাবহে নোৱাৰি ৷

কেৱল ইমানতেই অন্ত পৰা নাই বিয়াগোম বিভাগটোৰ আশীৰ্বাদত কৰ্মচাৰীয়ে লাভ কৰা সমস্যাৰাজি ৷ ইতিমধ্যে জহি খহি যোৱা আৱাসগৃহবোৰে উদঙাই দিছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ কীৰ্তিত্ব ৷ বজাৰত দাওদাওকৈ জুই জ্বলি থকা সময়তো এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে গুৱাহাটীৰ দৰে ধন নহ’লে মন কৰিব নোৱাৰা ঠাইত বাস কৰে মাহিলী 8,600 টকাত (ASTC contractual employee salary) ৷ এনে একোটা পৰিয়ালত থকা ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত এই ধনে কিদৰে সহায় কৰিব সেই কথা ভাবিবলৈও সময় নাই উন্নয়নত ব্যস্ত চৰকাৰৰ ৷

এক কিল’মিটাৰ দূৰৈৰ পৰা খোৱা পানী কঢ়িয়াই ঘাটে ঘাটে পানী খাবলৈ বাধ্য হোৱা এটা চৰকাৰী বিভাগৰ এইসকল কৰ্মচাৰীৰ অৱস্থাই উন্নয়নৰ শ্ল’গান আওৰাবলৈ বিজেপি নেতৃতাধীন চৰকাৰখনক কিদৰে উদগনি যোগাইছে, সেয়া বিভাগটোতকৈও ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক :CIDF Scam in Golaghat : গোলাঘাটৰ 100 কোটি টকীয়া কেলেংকাৰী অভিযোগৰ উচ্চস্তৰীয় তদন্তৰ দাবী

ABOUT THE AUTHOR

...view details