অসম

assam

ETV Bharat / state

শান্তিপুৰবাসীয়ে নিজেই মেৰামতি কৰিলে বিধ্বস্ত পথ

পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে মহানগৰীৰ শান্তিপুৰবাসীক । চৰকাৰক আবেদন কৰিও আজিপৰ্যন্ত ৰাইজে লাভ নকৰিলে কোনো সুফল ৷

By

Published : Jun 16, 2019, 7:34 PM IST

চৰকাৰলৈ কিমান বাট চাব !

গুৱাহাটী, 16 জুন : মহানগৰীৰ শান্তিপুৰৰ নিজৰামুখ পথচোৱা বিগত বহু বছৰ ধৰি পৰি ৰৈছে জৰাজীৰ্ণ অৱস্থাত । ভিন্ন সময়ত অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক পথচোৱা নিৰ্মাণৰ বাবে অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই কৰ্তৃপক্ষই । সময়ে সময়ে চৰকাৰ সলনি হৈ আহিছে যদিও পথচোৱা আজি পৰ্যন্ত সলনি ন'হল ৷ ইপিনে পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভিন্ন সময়ত ৰাইজক প্ৰতিশ্ৰুতি দি আহিছে যদিও প্ৰতিশ্ৰুতি প্ৰদান কৰি দায়িত্ব সামৰিলে বিধায়কগৰাকীয়ে । ইপিনে পথচোৱাৰ নামত 2011 চনতে অহা 3 লাখ টকাও কৰ্তৃপক্ষই হৰলুকী কৰাৰ অভিযোগ ৰাইজৰ ৷ ফলত উপায়ন্তৰ ৰাইজে নিজেই পথচোৱা নিৰ্মাণ কৰি আহিছে ৷

চৰকাৰলৈ কিমান বাট চাব !

ABOUT THE AUTHOR

...view details