অসম

assam

ETV Bharat / state

Path Sabha in Guwahati : গণতন্ত্ৰৰ সংকট কালত ৰাইজক ঐক্যবদ্ধ হ’বলৈ আহ্বান কংগ্ৰেছৰ

গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আয়োজন কৰা হয় এখন পথসভা ৷ ‘‘জয় ভাৰত সত্যাগ্ৰহ’’ কাৰ্যসূচীৰ অংশ স্বৰূপে আয়োজিত উক্ত সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনত দেশত গভীৰ সংকটত পৰা গণতন্ত্ৰ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে চলা আক্ৰোশমূলক পদক্ষেপৰ বিৰুদ্ধে আলোচনা কৰা হয় (Path Sabha organized by congress aginst PM Modi) ৷

Path Sabha in Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কংগ্ৰেছৰ পথসভা

By

Published : Apr 6, 2023, 10:48 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কংগ্ৰেছৰ পথসভা

গুৱাহাটী, ৬ এপ্ৰিল :‘‘জয় ভাৰত সত্যাগ্ৰহ’’ কাৰ্যসূচীৰ অংশ স্বৰূপে পথসভাৰ যোগেদি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল কংগ্ৰেছ । বৃহস্পতিবাৰে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটী কমাৰ্চ কলেজৰ সমীপত বিয়লি এখন পথসভা অনুষ্ঠিত কৰা হয় (Path Sabha organized by congress aginst PM Modi) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনত দেশত গভীৰ সংকটত পৰা গণতন্ত্ৰ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে চলা আক্ৰোশমূলক পদক্ষেপৰ প্ৰতিবাদত ৰাইজক সজাগ কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান ক্ৰমে এই পথসভা অনুষ্ঠিত কৰা হয় । গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি নৱজ্যোতি তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত পথসভাত উপস্থিত ৰাইজক কংগ্ৰেছৰ কেইবাজনো নেতাই সম্বোধন কৰে ।

পথসভা সম্বোধন কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথেই বিজেপিৰ শাসনত কেনেদৰে গণতন্ত্ৰ আৰু দেশৰ সংবিধান লুণ্ঠিত হৈছে তাৰ ব্যাখ্যা আগবঢ়ায় । ভাষণত তেওঁ নৰেন্দ্ৰ মোডী চৰকাৰৰ স্বৈৰাচাৰী কৰ্মকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

পথসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে বিজেপি চৰকাৰক তুলাধুনা দিয়ে । তেওঁলোকে আদানীৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি টকাৰ উৎস কি বুলি প্ৰশ্ন কৰি প্ৰধানমন্ত্ৰী মোডী আৰু ব্যৱসায়ী আদানীৰ গোপন সম্পৰ্কৰ ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায় ।

তদুপৰি দেশৰ জনসাধাৰণক কোঙা কৰা মূল্যবৃদ্ধিৰ বিষয়টো উত্থাপন কৰি তেওঁলোকে ইয়াক ৰোধ কৰাত ব্যৰ্থ হোৱা মোডী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । দেশত এতিয়া নৰেন্দ্ৰ মোডী আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লুটপাতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন বিপদাপন্ন কৰি তুলিছে বুলি তেওঁলোকে অভিযোগ কৰে । পথসভাত দলীয় কৰ্মীসকলে পথচাৰীৰ মাজত প্ৰচাৰপত্ৰও বিতৰণ কৰা হয় ।

লগতে পঢ়ক :27 tollgates in Assam : ৰাজপথত কেঁকোৰা চেঁপা, ৰাজ্যত টোলগেটৰ সংখ্যা হ’বগৈ 27 খন

ABOUT THE AUTHOR

...view details