গুৱাহাটী,11ডিচেম্বৰ : শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক হিতাধিকাৰীৰ মাজত প্ৰায় পাঁচ শতাধিক হাঁহ আৰু গাহৰিৰ পোৱালী বিতৰণ কৰিলে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে ৷ অসম পশুধন নিগমৰ কাৰ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰিলে পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ৷
মূলতঃ গ্ৰাম্য অৰ্থনীতিক শক্তিশালী আৰু গ্ৰাম্য কৃষকসকলক স্বনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই কাৰ্যসূচীত পশুধন নিগমৰ প্ৰশিক্ষণ প্ৰাপ্ত কৃষক সকলৰ মাজত বিতৰণ কৰে এই হাঁহ আৰু গাহৰিৰ পোৱালী ৷
ৰাজ্যৰ দুই শতাধিক নিৱনুৱা যুৱক-যুৱতী বিনামূলীয়াকৈ হাঁহ আৰু গাহৰি পোৱালি বিতৰণ - পশুধন নিগমৰ অধ্যক্ষ
পথাৰো আমাৰ বজাৰো আমাৰ আঁচনিৰ জৰিয়তে প্ৰশিক্ষণ লোৱা নিৱনুৱা যুৱক যুৱতী সকলক হাঁহৰ পোৱালী বিতৰণ ৷ অসম পশুধন নিগমত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 200 গৰাকী হিতাধিকাৰীক এই পোৱালী সমূহ বিতৰণ কৰে ৷ লগতে বিশ্ব বেংকৰ সাহাৰ্যত আন এক আঁচনিৰ অধীনত গাহৰিৰ পোৱালী বিতৰণ কৰা হয় ৷
ৰাজ্যৰ দুই শতাধিক নিৱনুৱা যুৱক-যুৱতী বিনামূলীয়াকৈ হাঁহ আৰু গাহৰি পোৱালি বিতৰণ
উল্লেখযোগ্য যে, মহামাৰী ক’ৰণাৰ সময়ৰে পৰা অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰি তুলিবৰ বাবে পথাৰো আমাৰ বজাৰো আমাৰ শীৰ্ষক এক কাৰ্যসূচী হাতত লৈছিল ৷ উক্ত কাৰ্যসূচীৰ আধাৰতেই শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলক বিনামূলীয়াকৈ এই হাঁহ আৰু গাহৰিৰ পোৱালী বিতৰণ কৰে ৷
লগতে পঢ়কঃ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক