গুৱাহাটী, ২৮ জুন :ৰে’লৱে কৰ্তৃপক্ষৰ চৰম অমনোযোগিতাৰ বাবে দীৰ্ঘদিন ধৰি চাকৰি নতুবা অন্য কামৰ বাবে গুৱাহাটীলৈ কলংপাৰ পেছেঞ্জাৰ নামৰ ট্ৰেইনখনত অহা যোৱা কৰা যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে । যাত্ৰীৰ অভিযোগ অনুসৰি নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ গন্তব্য স্থানত উপস্থিত হয় কলংপাৰ পেছেঞ্জাৰ ট্ৰেইনখন । যাত্ৰী সকলে দীৰ্ঘদিন ধৰি এনে অসুবিধাৰ সন্মুখীন হৈ অহাৰ পিচতো ৰে’লৱে কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি বুধবাৰে বামুণীমৈদামৰ ৬ নং গেটত কলংপাৰ ট্ৰেইনখন আৱদ্ধ কৰি প্ৰায় ডেৰ শতাধিক যাত্ৰীয়ে ৰে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
দিনৰ ভাগত প্ৰায় আধা ঘণ্টাতকৈ অধিক সময় কলংপাৰ ট্ৰেইনখন অৱৰোধ কৰি যাত্ৰীসকলে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে । পৰিস্থিতি গৈ এনে পৰ্যায় পায়গৈ যে আৰক্ষী আৰু প্ৰতিবাদকাৰী যাত্ৰীসকলৰ মাজত হতাহতিৰো সৃষ্টি হয় ।