গুৱাহাটী, ৩ ছেপ্টেম্বৰ :বিমানত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো তথা ভাৰতৰ অন্যতম হিচাপে পৰিগণিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে । লগতে পূৰ্বতকৈ বৃদ্ধি পাইছে বিমানৰ সংখ্যাও ।
বৰঝাৰ বিমানবন্দৰৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে, বৰঝাৰ বিমানবন্দৰত ২০ পৰা ৩০ শতাংশলৈ বৃদ্ধি পাইছে যাত্ৰীৰ সংখ্যা । চলিত বৰ্ষত লক্ষণীয়ভাৱে এই হাৰ বৃদ্ধি পাইছে । বৰঝাৰ বিমানবন্দৰৰ সূত্ৰটোয়ে জানিবলৈ দিয়া মতে, চলিত বৰ্ষৰ আগষ্ট মাহত প্ৰায় ৪.৮ লাখ বিমানযাত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠলৈ আহিছে । যিটো বিগত বছৰৰ আগষ্ট মাহৰ তুলনাত প্ৰায় ৩১ শতাংশলৈ বৃদ্ধি হৈছে ।
উল্লেখনীয় যে, চলিত বর্ষৰ আগষ্ট মাহত বৰঝাৰ বিমানবন্দৰৰ এটা দিনত সৰ্বাধিক বিমান যাত্ৰীৰ সংখ্যা আছিল ১৬,৯৩৩ জন । তদুপৰি আগষ্ট মাহৰ এটা দিনতেই সৰ্বাধিক বিমান উৰণ-অৱতৰণৰ সংখ্যা আছিল ১৩৩ খন । গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সৰ্বাধিক যাত্ৰী অহা যোৱা কৰা চাৰিটা শীৰ্ষ ৰাষ্ট্ৰীয় গন্তব্যস্থান হৈছে ইম্ফল, দিল্লী, কলকাতা আৰু বাংগালুৰু । একেদৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সৰ্বাধিক যাত্ৰী অহা যোৱা কৰা দুটা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থান হৈছে ছিংগাপুৰ আৰু ভূটান।