গুৱাহাটী, ১৪ আগষ্ট: বিজেপি দলৰ উদ্যোগত সোমবাৰে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত ভাৰত বিভাজনৰ দিনটোক স্মৰণ কৰাৰ বাবে বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । সভাত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বৃটিছে ভাৰত বিভাজন আনিছিল । বিভাজনে ভাৰতীয়সকলৰ মাজত দুৰ্যোগ নমাই আনিছিল ৷ বিভীষিকাৰ বলি হৈছিল । বিভাজন পাহৰি যাব নোৱাৰা এক বেদনা । ভাৰতৰ স্বাধীনতা আছিল খণ্ডিত স্বাধীনতা ।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮০০ বছৰৰ মুছলমান আৰু বৃটিছ শাসনৰ বিষয়ে উল্লেখ কৰি কয়, এই ৮০০ বছৰ পৰাধীনতাৰ ইতিহাস হিচাপে চিহ্নিত হৈ আছে । তেওঁ কয়, স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভূমিকা আছিল অতুলনীয় । মহাত্মা গান্ধী এগৰাকী অবিম্বাদী নেতা আছিল । নাথুৰাম গডছেই গান্ধীক হত্যা কৰিছিল । গডছেৰ এই অপৰাধ অক্ষমনীয় অপৰাধ আছিল । তাক আমি ক্ষমা কৰিব নোৱাৰো ।