অসম

assam

ETV Bharat / state

পাৰ্থবিজয় দত্তলৈ সাহিত্যজ্যোতি উপাধি

শব্দ শিল্পই আগবঢ়োৱা এই উপাধি পত্ৰ প্ৰদান কৰে প্ৰয়াত সাহিত্যিক গৰাকীৰ পত্নীক ৷ উপাধি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাই ৷

By

Published : Jun 9, 2019, 11:54 PM IST

পাৰ্থবিজয় দত্তলৈ সাহিত্যজ্যোতি উপাধি প্ৰদান

গুৱাহাটী, 9 জুন : দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মৰণোত্তৰভাৱে পাৰ্থবিজয় দত্তলৈ আগবঢ়োৱা হয় সাহিত্যজ্যোতি উপাধি ৷ শব্দ শিল্পই আগবঢ়োৱা এই উপাধি পত্ৰ প্ৰদান কৰে প্ৰয়াত সাহিত্যিক গৰাকীৰ পত্নীক ৷ উপাধি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাই ৷ প্ৰয়াত পাৰ্থবিজয় দত্তই আৰক্ষী বিভাগত সেৱা আগবঢ়োৱাৰ লগতে সাহিত্য চৰ্চাও কৰিছিল ৷ যাৰ কলমেৰে নিগৰিছিল বহুকেইখন জনপ্ৰিয় গ্ৰন্থ ৷

লগতে পঢ়ক: গুৱাহাটীৰ মাজমজিয়াত পুনৰ যুৱতীৰ শ্লীলতা হানি

এইগৰাকী বহুমুখী প্ৰতিভাৰ যুৱ সাহিত্যিকে এক জটিল ৰোগত আক্ৰান্ত হৈ অকালতে ইহ সংসাৰ ত্যাগ কৰিলে ৷ সেই গৰাকী যুৱ সাহিত্যিকক আজি এনেদৰে শব্দ শিল্পই প্ৰদান কৰিলে এই উপাধি ৷

পাৰ্থবিজয় দত্তলৈ সাহিত্যজ্যোতি উপাধি প্ৰদান

ABOUT THE AUTHOR

...view details