ৰঙিয়া, 1 আগষ্ট: যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িছে ৰঙিয়াৰ পুঠিমাৰী নৈৰ পানী (Rising water in Puthimari River)। ফলত সোমবাৰে পুৱতি নিশা পুঠিমাৰী নৈৰ ধলে উটুৱাই নিলে ৰিং বান্ধৰ প্ৰায় ৮০ ফুট দীঘল অংশ এটা (Part of ring dam washed away by Puthimari river in Rangia)। ভাঙি যোৱা অংশৰে পুনৰ পুঠিমাৰীৰ পানী ৰঙিয়াৰ দিশে সোমাবলৈ ধৰিছে (Flood in Rangia 2022)।
পুনৰাই পুঠিমাৰী নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । আতংকিত হৈ পৰিছে খন্দিকৰ, মাদৈকাটা, ধেপাৰগাঁও, হাচানটুক, চেনীমাৰা, বিহাপাৰা, লাহাপাৰা আদি অঞ্চলৰ ৰাইজ । যদিহে নৈৰ পানী এনেদৰে বাঢ়ি থাকে তেন্তে পৰিস্থিতি পুনৰ ভয়াৱহ হোৱাৰ আশংকাই অধিক।