গুৱাহাটী, 25 নৱেম্বৰ : মহানগৰীৰ পশ্চিম বৰাগাঁৱত থকা গুৱাহাটী পৌৰ নিগমৰ পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডত (former Dumping ground of GMC) নিৰ্মাণ কৰা হ'ব উদ্যান ৷ মহানগৰীৰ পশ্চিম বৰাগাঁৱত থকা গুৱাহাটী পৌৰ নিগমৰ পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডত (GMC Dumping ground) নিৰ্মাণ কৰা হ'ব উদ্যান । উল্লেখ্য যে ২০০৮ চনত গুৱাহাটীত দৈনিক সৃষ্টি হোৱা সমস্ত জাৱৰ পেলাবলৈ গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰাগাঁৱৰ দীপৰ বিলৰ কাষত এই ডাম্পিং গ্ৰাউণ্ডটো (Dumping ground near Deepar Bill)স্থাপন কৰিছিল । পৰৱৰ্তী সময়ত এই ডাম্পিং গ্ৰাউণ্ডটোৱে দীপৰ বিলৰ পানী প্ৰদূষিত কৰি তোলাৰ অভিযোগ উত্থাপন হৈছিল ।
এই সন্দৰ্ভত একাংশ নাগৰিকে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত গোচৰ তৰিছিল (complain in National green tribunal)। এই গোচৰৰ ভিত্তিত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণে পশ্চিম বৰাগাঁৱৰ দীপৰ বিলৰ কাষত থকা এই ডাম্পিং গ্ৰাউণ্ডটো স্থানান্তৰ কৰাৰ বাবে পৌৰ নিগমক নিৰ্দেশ দিছিল । তাৰ পিছত পৌৰ নিগমে যোৱা বছৰ পশ্চিম বৰাগাঁৱৰ দীপৰ বিলৰ কাষত থকা এই ডাম্পিং গ্ৰাউণ্ডটো চন্দ্ৰপুৰলৈ স্থানান্তৰ কৰিছিল (GMC shifted dumping ground to Chandrapur) । কিন্তু চন্দ্ৰপুৰবাসী ৰাইজে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ তীব্ৰ বিৰোধিতা কৰি ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পিছত অৱশেষত পৌৰ নিগমে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰে ।
শেহতীয়াভাৱে, পৌৰ নিগমে মহানগৰীৰ পামহীৰ ওচৰত ডাম্পিং গ্ৰাউণ্ডটো স্থাপন কৰিছে । পামহীবাসী ৰাইজে আকৌ পামহীৰ ওচৰত ডাম্পিং গ্ৰাউণ্ডটো তাৰ পৰা স্থানান্তৰ কৰাৰ বাবে আন্দোলন অব্যাহত ৰাখিছে । কিন্তু পৌৰ নিগমে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই । ইপিনে পশ্চিম বৰাগাঁৱত থকা গুৱাহাটী পৌৰ নিগমৰ পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ড পৰিষ্কাৰ কৰি দুবছৰৰ ভিতৰত উদ্যান নিৰ্মাণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে পৌৰ নিগমক নিৰ্দেশ দিছে (CM ordered GMCH to reconstruct dumping ground) ।
এই সন্দৰ্ভত পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জনায় যে, জাৱৰ পেলোৱা বন্ধ কৰা পশ্চিম বৰাগাঁৱত থকা পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডত জমা হৈ থকা জাৱৰবোৰ ইতিমধ্যে বিজ্ঞানসন্মতভাবে আঁতৰ কৰাৰ কাম আৰম্ভ কৰা হৈছে ।