গুৱাহাটী, 10 জুনঃবুধবাৰে বাঘজানৰ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ বনমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি,যুদ্ধকালীন তৎপৰতাৰে তেওঁলোকে বাঘজানৰ পৰিৱেশ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে বাঘজানৰ সমীপত 78 টা কেম্প নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰোপৰি বায়ু সেনাকো তেওঁলোকে আহ্বান জনাইছে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৷
যুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য - বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
যুদ্ধকালীন তৎপৰতাৰে চৰকাৰে বাঘজানৰ পৰিৱেশ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে বুলি বুধবাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

parimal suklabaidya reaction on baghjan incident
কালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছোঃ পৰিমল শুক্লবৈদ্য
স্থানীয় ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে,সকলো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে অইল ইণ্ডিয়াৰে হোৱা বাৰ্তালাপত তেওঁলোকে জানিবলৈ দিয়া অনুসৰি,পৰিস্থিতি স্বাভাৱিক হ'বলৈ কমেও তিনি-চাৰিদিন সময়ৰ প্ৰয়োজন হ'ব ৷
লগতে পঢ়কঃবাঘজানৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ