অসম

assam

ETV Bharat / state

ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদ অসমত পুনঃ প্ৰতিষ্ঠা সন্দৰ্ভত পৰমানন্দ ৰাজবংশীৰ সংবাদমেল - পৰমানন্দ ৰাজবংশীৰ সংবাদমেল বাতৰি

অহা 19 আৰু 20 ফেব্ৰুৱাৰীত নেপালৰ কাঠমাণ্ডুত ভাষা, সাহিত্য, সংস্কৃতি আৰু চৰ্যাপদ বিষয়ক এখনি আন্তঃৰাষ্ট্ৰীয় আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে ৷ উক্ত অনুষ্ঠানত অসমৰ কেইবাগৰাকীও সত্ৰীয়া নৃত্য শিল্পীয়ে ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদ পৰিৱেশন কৰিব ৷ লগতে কেনেধৰণে এই ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা পুনৰ অসমত প্ৰতিষ্ঠা কৰিব পাৰি তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিব ৷

Paramananda Rajbongshi pressmeet
ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদ অসমত পুনঃ প্ৰতিষ্ঠা সন্দৰ্ভত পৰমানন্দ ৰাজবংশীৰ সংবাদমেল

By

Published : Feb 17, 2020, 10:23 PM IST

গুৱাহাটী,17 ফেব্ৰুৱাৰীঃ প্ৰাচীন অসমৰ ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদ অসমত পুনঃ প্ৰতিষ্ঠা সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ সংবাদমেল ৷ সোমবাৰে সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ৰাজবংশীয়ে কয় যে, মোগল আক্ৰমণৰ সমাছোৱাত প্ৰাচীন অসমৰ ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদৰ বিশেষ সংগীতজ্ঞসকল নেপাললৈ পলাই গৈ তাৰ পশুপতি মন্দিৰত আশ্ৰয় গ্ৰহণ কৰিছিল ৷ নেপালৰ বিশিষ্ট পৰিৱেশ্য কলা-কুশলী লৈ ২০১২ চনত নাথযোগী সন্মিলনৰ সহযোগত অসম সাহিত্য সভাই সংগীতচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত চৰ্যাপদ পৰিৱেশন কৰিছিল ৷ এই দলৰ বিশেষজ্ঞসকলৰ মতে চৰ্যাপদ অসমৰ সম্পদ ৷ সেয়েহে এই পৰিৱেশ্য কলা পুনৰ নিজৰ ৰাজ্যত প্ৰতিষ্ঠা কৰাৰ বাবে আমি অসমৰ চৰকাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ কৰিছো বুলি মন্তব্য কৰে সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৷

ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদ অসমত পুনঃ প্ৰতিষ্ঠা সন্দৰ্ভত পৰমানন্দ ৰাজবংশীৰ সংবাদমেল

উল্লেখ্য যে, অহা 19 আৰু 20 ফেব্ৰুৱাৰীত নেপালৰ কাঠমাণ্ডুত ভাষা, সাহিত্য, সংস্কৃতি আৰু চৰ্যাপদ বিষয়ক এখনি আন্তঃৰাষ্ট্ৰীয় আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে ৷ নেপালৰ ত্ৰিভূবন বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন বিভাগৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰাচ্য বিদ্যাৰ্ণৱ ডঃ মহেশ্বৰ নেওগ অসম তত্বগৱেষণা সংস্থান আৰু অসম নেপালী সাহিত্য সভাৰ সহযোগত এই আলোচনা সত্ৰখনৰ আয়োজন কৰা হৈছে ৷ উক্ত অনুষ্ঠানত অসমৰ কেইবাগৰাকীও সত্ৰীয়া নৃত্য শিল্পীয়ে ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদ পৰিৱেশন কৰিব ৷ লগতে কেনেধৰণে এই ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা পুনৰ অসমত প্ৰতিষ্ঠা কৰিব পাৰি তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিব ৷

ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদ অসমত পুনঃ প্ৰতিষ্ঠা সন্দৰ্ভত পৰমানন্দ ৰাজবংশীৰ সংবাদমেল

লগতে পঢ়ক-আগন্তুক বিটিচি নিৰ্বাচনক লৈ সাজু বিপিএফ দলঃ ঘোষণা কৰা হ’ল প্ৰৰ্থীৰ তালিকা

ABOUT THE AUTHOR

...view details