অসম

assam

ETV Bharat / state

Pankaj Pathak Arrested: হাতীগাঁও থানাত জেৰা অব্যাহত পংকজ পাঠকৰ

চিকিৎসা শাস্ত্ৰৰ আচাৰ্য বুলি দাবী কৰি অহা পংকজ পাঠকক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷ সম্প্ৰতি গুৱাহা়টীৰ হাতীগাঁও থানাত পংকজ পাঠকৰ জেৰা অব্যাহত । সংবাদমাধ্যমে প্ৰৱেশ কৰিব নোৱাৰাকৈ গেট বন্ধ কৰি ৰাখিছে হাতীগাঁও আৰক্ষীয়ে ।

By

Published : Jul 21, 2022, 11:11 AM IST

pankaj-pathak-at-hatigaon-police-station
হাতীগাঁও থানাত জেৰা অব্যাহত

গুৱাহাটী, 21 জুলাই :অৱশেষত আৰক্ষীৰ জালত পৰিল স্বয়ম্ভূ চিকিৎসক পংকজ পাঠক(Pankaj Pathak Arrested) । বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা যোৱানিশা গ্ৰেপ্তাৰ কৰা হয় পংকজ পাঠকক(Self claimed Ayurveda expert Pankaj Pathak) ৷

জানিব পৰা মতে, বুধবাৰে দিনৰ ভাগত বৰপেটা চহৰৰ মুছলিমপট্টিৰ জনৈক মৃদুলৰ ঘৰত পংকজ পাঠকে আশ্ৰয় লৈ আছিল যদিও পিচলৈ তেওঁ কালঝাৰৰ এজন লোকৰ ঘৰত নিশাটো কটোৱাৰ পৰিকল্পনা কৰে ৷ মৃদুল নামৰ লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত কালঝাৰত আত্মগোপন কৰি থকা পংকজ পাঠকক বুধবাৰে মাজনিশা আটক কৰে বৰপেটা আৰক্ষীয়ে ৷ বৰ্তমান হাতীগাঁও থানাত ৰখা হৈছে পংকজ পাঠকক । সংবাদমাধ্যম প্ৰৱেশ কৰিব নোৱাৰাকৈ গেট বন্ধ কৰি ৰাখিছে হাতীগাঁও আৰক্ষীয়ে(Pankaj Pathak at Hatigaon police station) ।

উল্লেখ্য যে, মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰা সন্দৰ্ভত ৰাজ্যৰ ভিন্ন প্ৰান্তত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু হৈছিল কেইবাটাও গোচৰ ৷ উক্ত গোচৰৰ ভিত্তিত পংকজ পাঠকক গ্ৰেপ্তাৰৰ বাবে মঙলবাৰৰ পৰা নলবাৰী, টিহুকে ধৰি ভিন্ন স্থানত নলবাৰী আৰু গুৱাহাটী আৰক্ষীয়ে অভিযান চলাইছিল যদিও তেওঁৰ সন্ধান উলিয়াব পৰা নাছিল ৷ যাৰ ফলত পলাতক আছিল পংকজ পাঠক ৷

পলাতক পংকজ পাঠকৰ সন্ধান বিচাৰি উলিয়াব পৰা নাছিল আৰক্ষীয়ে ৷ কিন্তু অৱশেষত মাজনিশা বৰপেটা জিলাৰ হাউলীৰ কালঝাৰৰ পৰা পংকজ পাঠকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

ইফালে, হাতীগাঁও আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে দিনৰ ভাগত আদালতত হাজিৰ কৰোৱা হ'ব স্বয়ম্ভূ চিকিৎসক পংকজ পাঠকক । ইতিমধ্যে পংকজ পাঠকৰ গ্ৰেপ্তাৰক লৈ সমগ্ৰ ৰাজ্যজুৰি চলিছে ব্যাপক চৰ্চা ৷

লগতে পঢ়ক :Pankaj Pathak Arrested: আচাৰ্য পংকজ পাঠকক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details