অসম

assam

ETV Bharat / state

ফাঁচী বজাৰত ব্যৱসায়ী আৰু গ্ৰাহকৰ স্বাস্থ্য পৰীক্ষা - । মহানগৰীৰ পাণ্ডত

ফাঁচীবজাৰত মংৰু সাহানীৰ সংস্পৰ্শলৈ অহাৰ সন্দেহত এনেদৰেই বজাৰে বজাৰে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে সতৰ্কতা মূলক অভিযান ৷

as_ghy_01_pandu test_as10002_RTU
গুৱাহাটী মহানগৰৰ ফাঁচী বজাৰত ব্যবসায় আৰু গ্ৰাহকৰ স্বাস্থ্য পৰীক্ষা

By

Published : May 16, 2020, 7:41 PM IST

গুৱাহাটী,16মেঃ মহানগৰীৰ ফাঁচীবজাৰৰ আলু গুদামৰ মংৰু সাহানীৰ দেহত ক‘ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে বজাৰে বজাৰে চলিছে ব্যাপক তৎপৰতা স্বাস্থ্য বিভাগৰ ৷ বিশেষকৈ ফাঁচীবজাৰৰ পৰা আলু ক্ৰয় কৰা দোকানসমূহত স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে পৰীক্ষা নিৰীক্ষা । মহানগৰীৰ পাণ্ডত বজাৰত স্বাস্থ্য বিভাগে দোকানী আৰু সকলো গ্ৰাহকৰে স্বাস্থ্য পৰীক্ষা কৰে।

গুৱাহাটী মহানগৰৰ ফাঁচী বজাৰত ব্যবসায় আৰু গ্ৰাহকৰ স্বাস্থ্য পৰীক্ষা

প্ৰথমে দেহৰ উষ্ণতা পৰীক্ষা আৰু যদিহে কোনো লোকৰ অন্য লক্ষণ দেখা দিয়ে তেনে লোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগৰ দলটোৱে। নিয়মীয়াকৈ স্বাস্থ্য বিভাগে কৰি আছে পৰীক্ষা নিৰীক্ষা মূলতঃ ক‘ৰণা ৰোগী মংৰু সাহানীৰ সংস্পৰ্শলৈ অহাৰ সন্দেহত এনেদৰেই বজাৰে বজাৰে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে সতৰ্কতা । ইফালে ভূতনাথটো প্ৰায় শতাধিক গুদামত কৰ্মৰত শ্ৰমিকক স্বাস্থ্য পৰীক্ষা কৰে স্বাস্থ্য বিভাগৰ দলটিয়ে ।

লগতে পঢ়কঃ কোৱাৰেণ্টাইন চেণ্টাৰত অৱসৰ গ্ৰহণ এজন হাবিলদাৰৰ

ABOUT THE AUTHOR

...view details