অসম

assam

By

Published : Nov 1, 2020, 8:29 PM IST

ETV Bharat / state

ৰে'লৱে ক'পাৰ্টিভৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল পাণ্ডু

কৰ্মচাৰীকসকলক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে ক'পাৰ্টিভৰ সামগ্ৰী গোপনে বিক্ৰী কৰাৰ অভিযোগ পৰিচালকৰ বিৰুদ্ধে। যাৰ বাবে ক'পাৰ্টিভত কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মচাৰীৰ প্ৰতিবাদ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে সম্পাদক চয়ন ৰয়, মুখ্য পৰিচালক শুভা দেৱ আৰু পৰিচালক অৰুণ সৰকাৰ।

pandu heated situations
ৰে'লৱে ক'পাৰ্টিভৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল পাণ্ডু

গুৱাহাটী,1নৱেম্বেৰঃ দেওবাৰে পাণ্ডু ৰেষ্টকেম্প ক'পাৰ্টিভৰ সন্মুখত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । দীৰ্ঘদিন ধৰি ৰে'লৱেৰ ক'পাৰটিভত মইমতালি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে সম্পাদক চয়ন ৰয়, মুখ্য পৰিচালক শুভা দেৱ আৰু পৰিচালক অৰুণ সৰকাৰৰ বিৰুদ্ধে ।

ইপিনে কৰ্মচাৰীকসকলক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে ক'পাৰ্টিভৰ সামগ্ৰী গোপনে বিক্ৰী কৰাৰ অভিযোগ পৰিচালকৰ বিৰুদ্ধে। যাৰ বাবে ক'পাৰ্টিভত কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মচাৰীৰ প্ৰতিবাদ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে সম্পাদক চয়ন ৰয়, মুখ্য পৰিচালক শুভা দেৱ আৰু পৰিচালক অৰুণ সৰকাৰ।

ৰে'লৱে ক'পাৰ্টিভৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল পাণ্ডু

তেনেতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। কৰ্মচাৰীকসকলৰ অভিযোগ অনুসৰি অবৈধভাৱে শুভা দেৱক ক'পাৰ্টিভৰ মুখ্য পৰিচালক হিচাপে নিযুক্তি দিয়া হৈছে। শীঘ্ৰেই সম্পাদক, মুখ্য পৰিচালক আৰু পৰিচালকক পদৰ পৰা বহিস্কাৰ কৰিবলৈ দাবী জনাই কৰ্মচাৰী সকলে । ইফালে উত্তপ্ত পৰিস্থিতিৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছিল সাংবাদিকৰ দল । ঠিক সেই সময়তে সাংবাদিকলৈও চোঁচা লয় ৰে'লৱে ক'পাৰ্টিভক পৈতিক সম্পত্তি বুলি ভৱা সুমিত দত্ত নামৰ এজন লোকে । ক'পাৰ্টিভৰ পৰিচালনা সমিতিৰ লগত জড়িত হয় যদিও সুমিত দত্তই নিজৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ ৰে'লৱে এই ক'পাৰ্টিভক।

লগতে পঢ়কঃ গোৰেশ্বৰত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিমূৰ্তি দাহ

ABOUT THE AUTHOR

...view details