অসম

assam

ETV Bharat / state

পাণ্ডু বিসৰ্জনস্থলীত দ্বিতীয় দিনাও উখল মাখল পৰিবেশ - ক'ভিড প্ৰটকল ভংগ

নিশা 9 মান বজালৈ এই কাৰ্যসূচী চলাৰ সম্ভাৱনা । বিসৰ্জনস্থলীত বহুতো লোকৰ সমাগত ঘটে । এক উখল মাখল পৰিবেশৰ সৃষ্টি হয়। যাৰ ফলত পাণ্ডু বিসৰ্জনস্থলীত বহু ক্ষেত্ৰত ক'ভিড প্ৰটকল ভংগ হোৱা পৰিলক্ষিত হয়।

pandu ghat immersion
পাণ্ডু বিসৰ্জনস্থলীত দ্বিতীয় দিনাও উখল মাখল পৰিবেশ

By

Published : Oct 27, 2020, 8:49 PM IST

গুৱাহাটী, 27 অক্টোবৰঃ মহানগৰীৰ পাণ্ডু পোৰ্টত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰতিমা বিসৰ্জন কাৰ্যসূচী। মঙলবাৰে প্ৰতিমা বিসৰ্জনৰ দ্বিতীয়টো দিন। বৰ্তমানো চলি আছে প্ৰতিমা বিসৰ্জন কাৰ্যসূচী। 20 খনকৈ প্ৰতিমা বিসৰ্জন দিয়া হৈছে পাণ্ডু ঘাটত। নিশা 9 মান বজালৈ এই কাৰ্যসূচী চলাৰ সম্ভাৱনা আছে। বিসৰ্জনস্থলীত বহুতো লোকৰ সমাগত ঘটে । এক উখল মাখল পৰিবেশৰ সৃষ্টি হয়। যাৰ ফলত পাণ্ডু বিসৰ্জনস্থলীত বহু ক্ষেত্ৰত ক'ভিড প্ৰটকল ভংগ হোৱা পৰিলক্ষিত হয়।

পাণ্ডু বিসৰ্জনস্থলীত দ্বিতীয় দিনাও উখল মাখল পৰিবেশ

ইফালে প্ৰশাসনৰ কিছু সোপা ঢিলা নীতিত ক্ষোভ ব্যক্ত কৰে বিসৰ্জন কমিটীৰ বিষয়ববীয়াই। কিয়নো প্ৰসাশনৰ নিৰ্দেশ অনুসৰি সন্ধিয়া ৬বজাৰ পূৰ্বেই বিসৰ্জন দিব লাগে প্ৰতিমা। কিন্তু একাংশই পূজা কমিটীয়ে সেই নিৰ্দেশনা উলংঘা কৰি নিশালৈ প্ৰতিমা বিসৰ্জনৰ বাবে ঘাটলৈ আনি আছে। উল্লেখযোগ্য যে সোমবাৰৰ দিনটোত ৫৫খন প্ৰতিমা বিসৰ্জন দিয়া হৈছিল পাণ্ডু ঘাটত।

লগতে পঢ়কঃআন্তৰ্জাতিক সংস্থাৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া

ABOUT THE AUTHOR

...view details