গুৱাহাটী,১৯ অক্টোবৰঃ তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ সন্ধিয়াৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় লোক সংস্কৃতিৰ সমাৰোহ তৃতীয় বাৰ্ষিক "পঞ্চকলা মহোৎসৱ" ৷ এইবাৰ এই মহোৎসৱত(Panchakala mahotsav) ভাগ লৈছে অসমৰ উপৰিও তেলেংগানা,বিহাৰ, ঝাৰখণ্ড,মণিপুৰ,ওড়িষ্যাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা লোক সংস্কৃতিৰ দলে ৷
এই মহোৎসৱ আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পিছতে প্ৰতিখন ৰাজ্যৰ পৰা অহা লোকশিল্পীৰ দলে নিজা নিজা লোক নৃত্য আৰু লোক সংগীত পৰিৱেশন কৰি অগণন দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয় ৷ তিনিদিন ধৰি চলিবলগীয়া এই মহোৎসৱত বহুকেইখন ৰাজ্যই নিজা নিজা লোক সংস্কৃতি পৰিৱেশন কৰিব ৷