গুৱাহাটী,22 ছেপ্তেম্বৰঃ মহানগৰীৰ পানবাৰীত এটি প্ৰায় এমহীয়া বনৰীয়া হাতী পোৱালি উদ্ধাৰ ৷ সোমবাৰে নিশা পানবাৰীৰ গাৰো গাঁৱৰ এঘৰ মানুহৰ ঘৰত উদ্ধাৰ কৰা হৈছে হাতী পোৱালিটো ৷ উল্লেখযোগ্য যে, এই মুহূৰ্ততলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে । সোমবাৰে নিশাৰ পৰা বৰষুণত তিতি আছে হাতী পোৱালিটো ৷
মহানগৰীৰ পানবাৰীত হাতী পোৱালি উদ্ধাৰ - মহানগৰীৰ পানবাৰীত
মহানগৰীৰ পানবাৰীত এটি প্ৰায় এমহীয়া বনৰীয়া হাতী পোৱালি উদ্ধাৰ ৷ সোমবাৰে নিশাৰ পৰা বৰষুণত তিতি আছে হাতী পোৱালিটো ৷ বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ যি কোনো মুৰ্হূততে বিপদ ঘটিব পাৰে হাতী পোৱালিটোৰ ৷
মহানগৰীৰ পানবাৰীত হাতী পোৱালি উদ্ধাৰ
ইপিনে হাতী পোৱালিটোক বৰ্তমান পৰ্যন্ত চিকিৎসা প্ৰদান নকৰাৰ লগতে খাদ্যৰ যোগান নধৰাৰ অভিযোগ উঠিছে বন বিভাগৰ বিৰুদ্ধে ৷ বন বিভাগৰ পৰিবৰ্তে স্থানীয় লোকে যোগান ধৰিছে খাদ্য ৷ বন বিভাগৰ দায়িত্বজ্ঞান হীনতাৰ বাবে যি কোনো মুহূতৰ্তে বিপদ ঘটিব পাৰে হাতী পোৱালিটোৰ ৷
লগতে পঢ়কঃতিনিচুকীয়াত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ