অসম

assam

ETV Bharat / state

মেঘদূত ভৱনত অপমানিত অসম সাহিত্য সভাৰ সভাপতি - ডাক বিভাগৰ বিজ্ঞাপন

মেঘদূত ভৱনত অপমানিত হ'ল অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্ব । ভাৰতীয় ডাক বিভাগৰ বিজ্ঞাপনৰ বিষয়টো নিষ্পত্তিৰ বাবে গৈছিল অসম সাহিত্য সভাৰ সদস্য সকল

মেঘদূত ভৱনত অপমানিত অসম সাহিত্য সভাৰ সভাপতি

By

Published : Sep 5, 2019, 4:55 AM IST

গুৱাহাটী, 5 ছেপ্তেম্বৰ : ভাৰত চৰকাৰৰ ডাক সেৱা বিভাগত কৰ্মৰত বহি:ৰাজ্য বিষয়াৰ দ্বাৰা অসমতে অপমানিত হ'ল অসম সাহিত্য সভাৰ বিষয়ববীয়া। অসম ৰাজ্যৰ মাণ্ডলিকৰ দায়িত্বত থকা গুৱাহাটীৰ মেঘদূত ভৱনৰ সঞ্চালক কে কেবিচুসাৰ দ্বাৰা বুধবাৰে মেঘদূত ভৱনত অপমানিত হ'ল অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্ব ।উল্লেখ যে, ভাৰতীয় ডাক বিভাগে কেৱল অসমৰ বাবে প্ৰায় ৯ শতাধিকতকৈ অধিক পদৰ বাবে যোৱা আগষ্ট মাহত এক বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু বিভাগটোৱে মাতৃভাষা অসমীয়াক চূড়ান্ত ভাৱে অৱজ্ঞা কৰি অসমৰ বৰাক উপত্যকা বাবে বাংলাভাষা আৰু বড়োলেণ্ড বাবে কেৱল বড়ো ভাষাতহে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব বুলি বিজ্ঞাপন প্ৰকাশ কৰিছে। ফলত বৰাক উপত্যকাত থকা অন্যান্য অসমীয়া ভাষী লোকসকল আৰু বড়োলেণ্ডত থকা অনাবড়ো লোকসকলৰ মাজত বিভাগটোৰ এই ঘোষণাই এক অপ্ৰতিকৰ পৰিৱেশ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও অসম ৰাজ্যত চৰকাৰৰ যিকোনো পৰীক্ষাত মাতৃভাষা অসমীয়া ব্যৱহাৰ কৰাটো বাধ্যতামূলক । কিন্তু তাৰ পাছতো ভাৰতীয় ডাক বিভাগে বড়োলেণ্ড আৰু বৰাক উপত্যকাত কেৱল স্থানীয় ভাষাত পৰীক্ষাৰ পতাৰ বিষয়তো সংশোধন কৰাৰ বাবে অসম সাহিত্য সভাৰ সভাপতি সহ বিষয়টোৰ নিষ্পত্তিৰ বাবে গৈছিল অসম সাহিত্য সভাৰ সদস্য সকল । কিন্তু তাতেই সৃষ্টি হয় বাক বিতণ্ডাৰ ৷ অৱশ্যে বিষয়টো পাচলৈ মিমাংসা হয় বু্লি জানিবলৈ দিয়ে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ৷

মেঘদূত ভৱনত অপমানিত অসম সাহিত্য সভাৰ সভাপতি

ABOUT THE AUTHOR

...view details