অসম

assam

By

Published : Nov 17, 2021, 9:10 PM IST

ETV Bharat / state

New Deputy Commissioner of Kamrup (M): মহানগৰীৰ প্ৰতিটো সমস্যা সমাধানৰ আশ্বাস পল্লৱ গোপাল ঝাৰ

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সাংবাদিকৰ সৈতে মত বিনিময় কৰি মহানগৰীৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে আলোচনা কৰে নৱনিযুক্ত উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ সাংবাদিকৰ আগত মহানগৰীৰ প্ৰতিটো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে ।

new Deputy Commissioner of Kamrup (M)
মহানগৰীৰ প্ৰতিটো সমস্যা সমাধানৰ আশ্বাস পল্লৱ গোপাল ঝাৰ

গুৱাহাটী, ১৭ নৱেম্বৰ: গুৱাহাটী মহানগৰীৰ সমস্যা সমাধানৰ আশ্বাস নৱনিযুক্ত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ । বুধবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সাংবাদিকৰ সৈতে মত বিনিময় কৰি মহানগৰীৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে আলোচনা কৰে উপায়ুক্ত গৰাকীয়ে ।

সাংবাদিকৰ আগত মহানগৰীৰ প্ৰতিটো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে । তেওঁ লগতে কয় যে, উপায়ুক্তৰ কাৰ্যালয়ৰ লগত জনসাধাৰণৰ সম্পৰ্ক ৰক্ষা কৰাৰ বাবেও পদক্ষেপ লোৱা হৈছে । জিলা প্ৰশাসনৰ ফেচবুক পেজ আৰু টুইটাৰ পেজৰ জৰিয়তে ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিম বুলি মন্তব্য কৰে উপায়ক্ত গৰাকীয়ে ।

মহানগৰীৰ প্ৰতিটো সমস্যা সমাধানৰ আশ্বাস পল্লৱ গোপাল ঝাৰ

উল্লেখ্য যে, পল্লৱ গোপাল ঝাই সোমবাৰে আনুষ্ঠানিকভাৱে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল । কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হোৱাৰ পূৰ্বে পল্লৱ গোপাল ঝা ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

লগতে পঢ়ক:পুনৰবাৰ জামিন আবেদন নাকচ ৰৌণক আলি হাজৰিকাৰ

ABOUT THE AUTHOR

...view details