অসম

assam

ETV Bharat / state

বিতৰ্কৰ পাছৰে পৰা সন্ধানহীন "টাইকা" বাৰৰ স্বত্বাধিকাৰী - TAIKA BAR

শুকুৰবাৰৰ নিশাৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে টাইকা বাৰৰ স্বত্বাধিকাৰী তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুৰ পুত্ৰ মিপুন কংকন পেগু ৷

Owner of "Taika" bar missing after controversy
বিতৰ্কৰ পাছৰে পৰা সন্ধানহীন "টাইকা" বাৰৰ স্বত্বাধিকাৰী

By

Published : May 30, 2020, 10:05 PM IST

গুৱাহাটী, 30 মে':গুৱাহাটীৰ জি এচ ৰোডস্থিত "টাইকা" নামৰ বাৰখন বিতৰ্কৰ মাজত সোমাই পৰাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে বাৰখনৰ স্বত্বাধিকাৰী মিপুন কংকন পেগু ৷ শুকুৰবাৰৰ নিশাৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে টাইকা বাৰৰ স্বত্বাধিকাৰী তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুৰ পুত্ৰ মিপুন কংকন পেগু ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জনাইছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷ দোষী সাব্যস্ত হ'লে মন্ত্ৰীৰ পুত্ৰ জনক তদন্তৰ আওতালৈ অনা হ'ব বুলি জনাইছে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

বিতৰ্কৰ পাছৰে পৰা সন্ধানহীন "টাইকা" বাৰৰ স্বত্বাধিকাৰী

উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা উক্ত "টাইকা" নামৰ বাৰখনত পাৰ্টি কৰি মহানগৰীৰ ৰাজপথত তাণ্ডৱ সৃষ্টি কৰিছিল দুগৰাকী যুৱতীসহ দুই যুৱকে ৷ লকডাউন নিয়ম তথা সান্ধ্য আইন ভংগ কৰি মুখ্যমন্ত্ৰীৰ কনভয়ত খুণ্ডা মৰাৰ উপক্ৰম কৰিছিল সুৰাসক্ত যুৱক-যুৱতী যোৱা গাড়ীখনে ৷ ইয়াৰ পাছতে ভঙাগড় আৰক্ষীয়ে গাড়ীখনৰ সৈতে আটক কৰিছিল দুই যুৱতী আৰু দুজন যুৱকক ৷ বিষয়টো সন্দৰ্ভত যান-বাহন আৰক্ষীয়ে ৰুজু কৰিছিল তিনিটাকৈ গোচৰ । ইপিনে কৰ্তব্যৰত আৰক্ষীক হত্যাৰ অপচেষ্টাৰ নিৰ্দেশনাৰ ধাৰা সন্নিবিষ্ট হৈছে আটক হোৱা গিতাৰ্থ আৰু দেৱহৰ্ষৰ বিৰুদ্ধে । আনহাতে ৰূপম শৰ্মা, হৰিষ বৰা আৰু দুই যুৱতীক জামিনত যাবলৈ দিছে আৰক্ষীয়ে । উল্লেখ্যনীয় যে, লকডাউনৰ নিয়ম উলংঘা কৰি বাৰখন খুলি ৰখাৰ অপৰাধত ইতিমধ্যেই বাৰখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে বুলি জনাইছে আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

লগতে পঢ়কঃবিতৰ্কৰ আৱৰ্তত মহানগৰীৰ "টাইকা" বাৰঃ সাঙুৰ খাইছে প্ৰাক্তন মন্ত্ৰীৰ নাম

ABOUT THE AUTHOR

...view details