গুৱাহাটী, 31 মাৰ্চ: লক ডাউনৰ বাবে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰী, পৰ্যটককে আদি কৰি বহুবোৰ লোক ৷ কভিড-19ৰ বাবে এতিয়া গুৱাহাটীত আবদ্ধ হৈ পৰিছে কাশ্মীৰৰ 13 জনীয়া এটা দল ৷ আবদ্ধ হৈ পৰা দলটো বৰ্তমান বিভিন্ন ধৰণৰ সন্মুখীন হৈ পৰিছে ৷ আনকি খাদ্যৰ বাবেও হাহাকাৰ কৰি ফুৰিব লগা হৈছে ৷ সেই সময়তে সেই অসহায় কাশ্মীৰিলোক কেইজনৰ ওচৰত থিয় হল অসম আৰক্ষী ৷ তেওঁলোকক খাবলৈ অন্ন দিয়াৰ লগতে সকলো প্ৰকাৰৰ সহায় আগবঢ়াই অসম আৰক্ষীয়ে ৷ জম্বু-কাশ্মীৰৰ নিৱাসী চৌকতে জনাই যে অসম আৰক্ষীৰ এই মহানুভৱতা তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে ৷ তেওঁলোকে অসম আৰক্ষীক ধন্যবাদ জনাই ৷
গুৱাহাটীত কাশ্মীৰি লোকক সহায় অসম আৰক্ষীৰ - কাশ্মীৰৰ লোকক সহায় অসম আৰক্ষীৰ
লক ডাউনৰ বাবে গুৱাহাটীত আবদ্ধ হৈ পৰা কাশ্মীৰৰ লোকক সহায় অসম আৰক্ষীৰ ৷ বিপদৰ সময়ত তেওঁলোকক সহায় কৰা অসম আৰক্ষীক ধন্যৱাদ জনাই কাশ্মীৰি লোকে ৷
![গুৱাহাটীত কাশ্মীৰি লোকক সহায় অসম আৰক্ষীৰ assam-police-helps-kashmiris-people](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6603448-767-6603448-1585626374391.jpg)
গুৱাহাটীত কাশ্মীৰি লোকক সহায় অসম আৰক্ষীৰ
গুৱাহাটীত কাশ্মীৰি লোকক সহায় অসম আৰক্ষীৰ
লগতে পঢ়ক : কৰ'ণাৰে যুজিবলৈ চৰকাৰক অৰ্থ সাহাস্য প্ৰদান বিভিন্নজনৰ