গুৱাহাটী, ২৮ জুলাই:অসমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ব্যৰ্থতাৰ বাবেই মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন চমুকৈ এম জি এনৰেগা কাৰ্যতঃ প্ৰহসনত পৰিণত হৈছে ৷ লক্ষণীয় বিষয় যে ৰাজ্যত এম জি এনৰেগাৰ প্ৰায় চাৰে সাত লাখ কাম আধৰুৱা হৈ আছে ৷ আনহাতে ব্যয় নোহোৱাকৈ আছে ৬৮৪ কোটি টকা ৷ বিভিন্ন কাৰণত অসমত এম জি এনৰেগা কাৰ্যতঃ বিফল হৈছে ৷ আনহাতে এম জি এনৰেগাৰ নামত ৰাজ্যখনত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ নতুন নহয় ।
উল্লখ্য যে ২০০৫ চনৰ ৭ ছেপ্টেম্বৰত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনখন জাৰি কৰাৰ পাছত অসমতো পর্যায়ক্ৰমে সকলো জিলাতে আইনখন ৰূপায়ণ হয় ৷ কিন্তু অসমত এই আইনখন কার্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ যাওঁতে প্ৰতিটো স্তৰতে দুৰ্নীতি-অনিয়ম সংঘটিত হৈ আহিছে ৷ এম জি এনৰেগাৰ অধীনত গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ নামত কৰা কামসমূহৰ বেছিভাগতে দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হৈ আহিছে ৷
এই দুর্নীতি-অনিয়মৰ অভিযোগ যে কেৱল স্থানীয়ভাৱে উত্থাপন হৈছে তথা তদন্ত হৈছে এনে নহয় ৷ এম জি এনৰেগাৰ কাম-কাজৰ নামত হোৱা দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়তো অভিযোগ দাখিল হৈছে ৷ ৰাজ্যখনত বিগত ১৩-১৪ বছৰত এম জি এনৰেগাৰ এনে দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে বিভিন্ন পক্ষই ৰাষ্ট্ৰীয় স্তৰত মুঠ ৭২০ টা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু নিম্নমানৰ কামৰ বিৰোধিতা কৰি আহিছে ৷
উল্লেখ্য যে এম জি এনৰেগাৰ কামত হোৱা বিত্তীয় কেলেংকাৰী তথা বিসংগতিৰ তালিকাত সবাতোকৈ বেছি অভিযোগ উত্থাপন হৈছে গাঁও পঞ্চায়তৰ বিৰুদ্ধে ৷ তেনেদৰে অভিযোগকাৰী সকলৰ ভিতৰত এম জি এনৰেগাত কাম কৰা শ্ৰমিক অথবা সাধাৰণ নাগৰিকৰ সংখ্যাই অধিক ৷ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এনৰেগাৰ কামত হোৱা এনে দুৰ্নীতি-অনিয়মৰ ফলত বহু কাম আধৰুৱা হৈ পৰি থকাৰ লগতে বহু অভিযোগৰ ভিত্তিত ৰুজু হোৱা গোচৰ নিষ্পত্তি নোহোৱা বাবে বহু কাম সম্পূর্ণ হ’বলৈ বাকী থাকে ৷
তথ্য অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ত এনেদৰে উত্থাপিত অভিযোগৰ ভিত্তিত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হৈছে ২২২ টা ৷ ৰাজ্যত ৰূপায়িত হোৱা এম জি এনৰেগাৰ বিভিন্ন কামৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্তৰত বিভিন্নজনে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে ৷