গুৱাহাটী, ২৪ আগষ্ট: অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা মিছন বসুন্ধৰা ২.০ ৰ অধীনত ১৩ লাখ ৩৯ হাজাৰ লোকে ভূমি পট্টাৰ বাবে আবেদন কৰিছে । ইয়াৰে ৬০ শতাংশ আবেদনৰ ইতিমধ্যে নিষ্পত্তি হৈছে । বাকীখিনি নিষ্পত্তিৰ বাবে ১৪ নৱেম্বৰ সময় সীমা বান্ধি দিয়া হৈছে । সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ।
মহানগৰী সাতগাঁৱস্থিত বৃহত্তৰ দলবাৰী উন্নয়ন সমিতিৰ উদ্যোগত বুধবাৰে বিয়লি ভাগত বাথৌ মন্দিৰ প্ৰাংগণত দলবাৰী অঞ্চলৰ ভূমি সংক্ৰান্তীয় সমস্যা নিষ্পত্তি কৰাৰ বাবে অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মানুহ জীয়াই থাকিব লাগিব, মৰ্যাদা সহকাৰে । সেয়ে অসমৰ থলুৱা খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে মিছন বসুন্ধৰা আঁচনিৰ ম্যাদি পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পিছতো বাদ পৰি যোৱা লোকক মিছন বসুন্ধৰা ৩.০ আচঁনিৰ অধীনত সামৰি লোৱা হ’ব ।’’
ইফালে গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰাৰ বাবে বাবে GMDA কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে দুই এদিনতে শিলসাঁকোৰ উচ্ছেদিত স্থানত সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷ সেই অনুসৰি শিলসাঁকোৰ বিলৰ মধ্য ভাগৰ পৰা ১৫০ মিটাৰ ব্যাসাৰ্ধলৈ সীমা নিৰ্ধাৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷