অসম

assam

By

Published : Apr 14, 2020, 6:54 PM IST

Updated : Apr 14, 2020, 6:59 PM IST

ETV Bharat / state

লক্ ডাউন : গুৱাহাটীস্থিত বহিঃৰাজ্যৰ ভৱনত আবদ্ধ শতাধিক লোক !

মহানগৰী গুৱাহাটীত থকা বহিঃৰাজ্যৰ বিভিন্ন চৰকাৰী ভৱন সমূহত কেনে আছে বহিঃৰাজ্যৰ লোক সকল। চৰকাৰৰ সুবিধা সমূহে ঢুকি পাইছে নে এইসকল লোকক । ঘৰলৈ মনত পৰাত ব্যাকুল হৈ আছে বহিঃৰাজ্যৰ লোক সকল । তলাবন্ধৰ ২১ দিন সম্পূৰ্ণ হোৱাৰ পিচত ঘৰলৈ ঘূৰি যোৱাৰ আশা প্ৰশস্ত হৈছিল যদিও পুনৰ তলাবন্ধ বৃদ্ধি কৰাত গুৱাহাটীতে আবদ্ধ হৈ থাকিব লাগিব এই সকল লোক ।

over 100 northeastern people gets stranded in guwahati
over 100 northeastern people gets stranded in guwahati

গুৱাহাটী, 14 এপ্ৰিল :মহামাৰী COVID-১৯ৰ বাবে এতিয়া স্তব্ধ সমগ্ৰ বিশ্ব। ভাৰততো এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাবলৈ ধৰাত সমগ্র দেশতে 25 মাৰ্চৰ পৰা ঘোষণা কৰা হৈছে তলাবন্ধ । তলাবন্ধৰ পিচৰে পৰা সকলো যান-বাহনৰ চলাচল বন্ধ হৈ পৰাত যি য'ত আছে তাতেই আবদ্ধ হৈ পৰিছে । মহানগৰী গুৱাহাটীতো তলাবন্ধৰ পিচৰে পৰা আবদ্ধ হৈ আছে বহু লোক। বিশেষকৈ ৰাজ্যৰ বাহিৰৰ পৰা মহানগৰী গুৱাহাটীলৈ বিভিন্ন কামত অহা লোকসকল তলাবন্ধৰ ফলত আবদ্ধ হৈ আছে নিজ নিজ ৰাজ্য়ৰ চৰকাৰী ভৱনসমূহত । মহানগৰীৰ উলুবাৰীস্থিত মণিপুৰ ভৱনত তলাবন্ধৰ আৰম্ভণিৰে পৰা আবদ্ধ হৈ আছে ৯২ গৰাকীকৈ মণিপুৰৰ লোক । বিভিন্ন চৰকাৰী, ব্যক্তিগত কামৰ লগতে মণিপুৰৰ পৰা চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহি ২১ দিন ধৰি মণিপুৰ ভৱনত আবদ্ধ হৈ পৰাত এই লোক সকল ব্যাকুল হৈ পৰিছে নিজৰ ৰাজ্যলৈ ঘূৰি যাবলৈ । মণিপুৰ চৰকাৰে এই লোক সকলৰ থকা খোৱাৰ সকলো ব্যৱস্থা কৰিছে যদিও এই লোক সকল ঘূৰি যাব বিচাৰে নিজ নিজ পৰিয়ালৰ কাষলৈ। অসম আৰু মণিপুৰ চৰকাৰলৈ এই সকল লোকৰ অনুৰোধ কিবাকৈ তেওঁলোকক তেওঁলোকৰ পৰিয়াল কাষলৈ নিব লাগে ।

গুৱাহাটীস্থিত বহিঃৰাজ্যৰ ভৱনত আবদ্ধ শতাধিক লোক !

আনহাতে মণিপুৰ ভৱনৰ দৰে মিজোৰাম হাউচত আবদ্ধ হৈ আছে মিজোৰামৰ ২৪ গৰাকীকৈ লোক। এইসকল লোকো বিভিন্ন কামৰ লগতে চিকিৎসাৰ বাবে তলাবন্ধৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল। মণিপুৰ চৰকাৰে মণিপুৰ ভৱনত থকা লোক সকলৰ বাবে সকলো ব্যৱস্থা কৰিছে যদিও মিজোৰাম হাউচত থকা মিজোৰামৰ অসম তথা মিজোৰাম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে । চৰকাৰে তেওঁলোকৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে বুলি দাবী তুলিছে এইসকল লোকে ।

উল্লেখ্য যে, 25 মাৰ্চৰ পৰা অব্যহত থকা দেশজুৰি তলাবন্ধ ১৪ এপ্ৰিলত সমাপ্ত ঘটিব বুলি আশা পালি থকা এই সকল লোকৰ আশাত চেঁচা পানী পৰিছে। কেন্দ্ৰ চৰকাৰে ১৪ এপ্ৰিলৰ পৰা পুনৰ ১৯ দিনৰ বাবে তলাবন্ধ বৃদ্ধি কৰাত এই সকল লোক অধিক চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক :লক্ ডাউনঃ আৰক্ষীৰ খেদাত প্ৰাণ গ'ল এজনৰ !

Last Updated : Apr 14, 2020, 6:59 PM IST

ABOUT THE AUTHOR

...view details