অসম

assam

Procurement of paddy in Assam : ধান ক্ৰয়ত ব্যৰ্থ এফ চি আইকে ধৰি অন্যান্য প্ৰতিষ্ঠান

By

Published : May 15, 2022, 6:55 PM IST

৩১ মে' লৈ নিৰ্ধাৰিত ৭ ল‍াখ মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় কৰা হৈছে মাত্ৰ ২,৫৭,৮৩০ মেট্ৰিক টন ধান । বৃদ্ধি কৰা হৈছে ধান ক্ৰয়ৰ সময়সীমা (Extension of rice procurement deadline)। এফ চি আইকে ধৰি মুঠ ৬ টা প্রতিষ্ঠানৰ ৫ টাই ৫০ শতাংশ ধানো ক্ৰয় কৰিব পৰা নাই । অসমৰ ক্ষেত্রত ভাৰতীয় খাদ্য নিগমৰ কৰ্মচাৰী পর্যাপ্ত নোহোৱাত ধান ক্রয় কেন্দ্রসমূহ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হৈছে ।

Procurement of paddy in Assam
ধান ক্ৰয়ত ব্যৰ্থ এফ চি আইকে ধৰি অন্যান্য প্ৰতিষ্ঠান

গুৱাহাটী,১৫ মে':মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতো অসমৰ কৃষকৰ পৰা ন্যূনতম সমর্থিত মূল্যত (Minimum support price) নির্ধাৰিত পৰিমাণৰ ধান ভাৰতীয় খাদ্য নিগমকে ধৰি আন প্রতিষ্ঠানসমূহে ক্ৰয় কৰিব নোৱৰাত ধান ক্ৰয়ৰ সময় বৃদ্ধি কৰা হৈছে (Extension of rice procurement deadline)। উল্লেখ্য যে অসমত প্রথম পর্যায়ত শালিধান ক্ৰয় কৰাৰ বাবে শেষ দিন ধার্য কৰা হৈছিল ৩১ মে' । চলিত বছৰত ন্যূনতম সমর্থিত মূল্যত কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্রয় কৰাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে । ইয়াৰে প্রথম পর্যায়ত ৭ লাখ মেট্ৰিক টন শালিধান ৩১ মে'ৰ ভিতৰত কুইন্টলে প্রতি ১,৯৪০ টকা দৰত ক্ৰয় কৰিবলৈ নির্দেশ দিছিল যদিও ধান ক্রয়ৰ দায়িত্ব পোৱা এফ চি আইকে ধৰি মুঠ ৬ টা প্রতিষ্ঠানৰ ৫ টাই ৫০ শতাংশ ধানো ক্ৰয় কৰিব পৰা নাই ।

এফ চি আইকে ধৰি প্রতিষ্ঠানসমূহে ৫০ শতাংশ ধানো ক্ৰয় কৰিব পৰা নাই

ধান ক্রয়ৰ শেষ সময় ৩১ মে'লৈ আৰু মাত্র কেইটামান দিনহে বাকী আছে যদিও অসমত নির্ধাৰণ কৰা ৭ লাখ মেট্ৰিক টনৰ ভিতৰত এতিয়ালৈকে মাত্র ২,৫৭,৮৩৩ মেট্ৰিক টন ধানহে ন্যূনতম সমর্থিত মূল্যত ক্ৰয় কৰা হৈছে । কৃষকৰ পৰা ধান ক্রয় অতি লেহেম হোৱাত ধান ক্ৰয়ৰ সময় কেন্দ্রীয় চৰকাৰে ৩০ জুনলৈ বৃদ্ধি কৰিছে । ইফালে ১ জুলাইৰ পৰা দ্বিতীয় খেতি বৰোধান ক্রয় কৰাৰ কাম প্রতিষ্ঠানসমূহে আৰম্ভ কৰিব লাগিব ।

৫০ শতাংশ ধানো দুমাহত ক্ৰয় কৰা নাই

বিগত ১ ডিচেম্বৰৰ পৰা ধান ক্রয়ৰ কাম আৰম্ভ কৰি প্রায় ৬ মাহত নির্ধাৰণ কৰা পৰিমাণৰ পৰা ৫০ শতাংশও ধান এফ চি আই, অসম খাদ্য আৰু অসামৰিক যোগান নিগম, নাক'ফ, নফেড আদি প্রতিষ্ঠানকেইটাই ক্ৰয় কৰিব পৰা নাই । ইফালে বহিঃৰাজ্যত ন্যূনতম সমর্থিত মূল্যত ধান ক্রয় কৰাত গুৰুত্ব দিয়া এফ চি আইয়ে অসমত বিভিন্ন অজুহাতত ধান ক্রয় কৰিবলৈ ইচ্ছা নকৰে (FCI has not satisfactorily purchased paddy in Assam)। এফ চি আইক ৪ লাখ মেট্ৰিক টন ধান ক্রয়ৰ দায়িত্ব দিয়া হৈছিল যদিও সর্ববৃহৎ প্রতিষ্ঠানটোৱে অসমৰ কৃষকৰ পৰা ন্যূনতম সমর্থিত মূল্যত ধান ক্রয় (Procurement of paddy in Assam) কৰিছে মাত্র ১.৩১ লাখ মেট্ৰিক টন ।

অর্থাৎ কেন্দ্রীয় চৰকাৰৰ প্রতিষ্ঠানটোৱে চৰকাৰে দায়িত্ব দিয়া পৰিমাণৰ ৫০ শতাংশ ধানো দুমাহত ক্ৰয় কৰা নাই । ইফালে অসম চৰকাৰৰ অধীনস্থ খাদ্য আৰু অসামৰিক যোগান নিগমক ১.৬১ লাখ মেট্রিক টন ধান ক্রয় কৰাৰ দায়িত্ব দিয়া হৈছিল যদিও প্রতিষ্ঠানটোৱে ৮৯ হাজাৰ মেট্ৰিক টন ধানহে ক্ৰয় কৰিবলৈ সক্ষম হৈছে (Assam's rice procurement process progresses at a slow pace)। কেন্দ্রীয় চৰকাৰে ৰাজ্যৰ শালিধান ক্রয় কৰিবলৈ পূর্বে ধার্য কৰা শেষ দিন ৩১ মে'ৰ পৰা ৩০ জুনলৈ বৃদ্ধি কৰিছে ।

ধান ক্ৰয়ত ব্যৰ্থ এফ চি আইকে ধৰি অন্যান্য প্ৰতিষ্ঠান

কিন্তু ৬ মাহত ন্যূনতম সমর্থিত মূল্য নির্ধাৰিত কৰা পৰিমাণৰ ৫০ শতাংশ ধান ক্রয় কৰিব নোৱৰা প্রতিষ্ঠানকেইটাই আৰু এটা মাহ পালেও কেনেদৰে লক্ষ্যত উপনীত হ'ব পাৰিব তাক লৈ প্রশ্নৰ অৱতাৰণা হৈছে । ইফালে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানত অস্বাভাৱিক গতিত হ্রাস পাইছে কৰ্মচাৰীৰ সংখ্যা । বিশেষকৈ দেশৰ প্ৰায়কেইখন ৰাজ্যতেই কার্যালয়ত থকা ভাৰতীয় খাদ্য নিগমত তড়িৎ গতিত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰি অনা হৈছে (Many posts in FCI are vacant)। খালী পদৰ বিপৰীতে অতি কম সংখ্যক কৰ্মচাৰীক হে খাদ্য নিগমত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

অসমৰ ক্ষেত্রত খাদ্য নিগমৰ কৰ্মচাৰী পর্যাপ্ত নোহোৱাত ধান ক্রয় কেন্দ্রসমূহ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হৈছে । নিগমৰ এক সূত্রই সদৰি কৰা অনুসৰি কৰ্মচাৰীৰ সংখ্যা কম হোৱা বাবে আশা কৰা ধৰণে ধান ক্রয় কেন্দ্ৰৰ সংখ্যা সীমিত হৈ ৰৈছে । জানিব পৰা অনুসৰি বিগত ২০০০ চনৰ পাছত সমগ্ৰ দেশত খাদ্য নিগমৰ কার্যালয়সমূহত অনুমোদিত পদৰ সংখ্যা ৩১ হাজাৰলৈ হ্রাস কৰা হৈছে ।

ধান ক্ৰয়ত ব্যৰ্থ এফ চি আইকে ধৰি অন্যান্য প্ৰতিষ্ঠান

২০০০ চনলৈ খাদ্য নিগমৰ কার্যালয়সমূহত অনুমোদিত পদৰ সংখ্যা আছিল ৭৩,৮৩৪ টা । কিন্তু এতিয়া অনুমোদিত কৰ্মচাৰীৰ পদৰ সংখ্যা হৈছেগৈ মাত্র ৪২,০৩৮ টা । আশ্চৰ্য্যকৰ কথাটো এয়ে যে অনুমোদিত এই ৪২,০৩৮ টা পদৰ ভিতৰত মাত্র ২২,৯০১ টা পদতহে কৰ্মচাৰী নিযুক্ত হৈ আছে । ১৯,১৩৭ টা বিভিন্ন শ্ৰেণীৰ পদেই খালী হৈ আছে ।

অর্থাৎ কেন্দ্রীয় চৰকাৰে পদৰ বিলোপ ঘটোৱাই নহয় খালী হৈ থকা পদত নিযুক্তি দিয়াটো ব্যর্থতাৰ পৰিচয় দিছে । এই পর্যন্ত সঠিক তথ্য নাই যদিও অসমত থকা নিগমৰ উত্তৰ-পূব মাণ্ডলিক কার্যালয়ৰ পৰা অসম সংমণ্ডলৰ অধীনস্থ কার্যালয়সমূহত খালী হৈ আছে কেইবাশ পদ । জ্যেষ্ঠ বিষয়াৰ পৰা তৃতীয়-চতুর্থ শ্রেণীৰ কর্মচাৰীৰ বহু সংখ্যক পদ খালী হৈ থকাত কেইবাটাও কাৰ্যালয়ত অচলাৱস্থাই দেখা দিছে ।

কেন্দ্রীয় চৰকাৰে হিতাধিকাৰীৰ বাবে আবণ্টিত খাদ্য সামগ্ৰীৰ পৰিমাণ বৃদ্ধি কৰি অহাত খাদ্য নিগমৰ দায়িত্ব বৃদ্ধি পাইছে যদিও সেই অনুপাতে কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিৱৰ্তে হ্ৰাস পোৱাত অসমতেই সমস্যাৰ উদ্ভৱ হৈছে । ইফালে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰে জাতীয় সংগঠনসমূহে দাবী কৰি অহাৰ পাছতো আজি পর্যন্ত নিগম কর্তৃপক্ষই তৃতীয় আৰু চতুর্থ শ্রেণীৰ পদত থলুৱাৰ এশ শতাংশ নিযুক্তি নিশ্চিত নকৰিলে । বৰঞ্চ তৃতীয় আৰু চতুর্থ শ্রেণীৰ অধিক পদ খালী কৰিহে ৰাখিলে ।

উল্লেখ্য যে ২০০০ চন পর্যন্ত সমগ্ৰ দেশত ৭০ হাজাৰতকৈ অধিক অনুমোদিত কৰ্মচাৰীৰ পদ থকা খাদ্য নিগমত ২০০৯ চন পর্যন্ত ৫০ হাজাৰলৈ নিম্নগামী কৰা হৈছিল । পৰৱৰ্তী সময়ত প্রতিটো বছৰত কৰ্মচাৰীৰ সংখ্যা হ্রাস পায় । ২০২০ চনত অনুমোদিত পদৰ সংখ্যা ৪২,০৪২ টালৈ হ্রস হোৱাৰ লগতে নিযুক্ত হৈ থকা কর্মচাৰীৰ সংখ্যাও ২০,৮৫১ লৈ নিম্নগামী হয় । আজি পর্যন্ত খাদ্য নিগমত প্রায় ২৫ হাজাৰটা পদ খালী হৈ আছে ।

লগতে পঢ়ক :গুণোৎসৱত দুবাৰকৈ জিলাৰ ভিতৰত প্ৰথম স্থান পোৱা বিদ্যালয়ৰ শোচনীয় অৱস্থা

ABOUT THE AUTHOR

...view details