অসম

assam

Jal Jeevan Mission: দুখীয়াৰ সৈতে অন্যায় নকৰিবলৈ নৱ-নিযুক্ত কৰ্মচাৰীক আহ্বান জয়ন্তমল্ল বৰুৱাৰ

By

Published : Jun 1, 2023, 8:53 PM IST

জনস্বাস্থ্য কাৰিকৰী বিভাগত নৱনিযুক্ত তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান আজি আয়োজন কৰা হয় কলাক্ষেত্ৰত ৷ অনুষ্ঠানত উপস্থিত থাকি কৰ্মচাৰীসকলক সৎ পথত থাকি কাম কৰাৰ আহ্বান বিভাগীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷

Jal Jeevan Mission
Jal Jeevan Mission

জনস্বাস্থ্য কাৰিকৰী বিভাগত নৱনিযুক্ত কৰ্মচাৰীৰ অভিমুখীকৰণ অনুষ্ঠান

গুৱাহাটী, ১ জুন :শ্ৰীমন্ত শংকৰদেৱকলাক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগত নৱ-নিযুক্ত তৃতীয় আৰু চতুৰ্থ কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান । জনস্বাস্থ্য কাৰিকৰী বিভাগত ২৩৯ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিছে নিযুক্তি । অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ (Minister Jayanta Malla Baruah) লগতে উপস্থিত কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী ।

এই সভাত নৱ-নিযুক্ত কৰ্মচাৰীসকলক নিষ্ঠাৰে কাম কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ । ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ ১০০ শতাংশ লোকক জল জীৱন মিছনৰ জৰিয়তে পানী যোগানৰ আশ্বাস জয়ন্তমল্ল বৰুৱাৰ । মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত নৱ-নিযুক্ত কৰ্মচাৰীসকলক আহ্বান জনাই কয়, ‘‘আপোনালোকে চাকৰি পালে ৷ কিন্তু CL পাম, ছুটি পাম, ১০ বজাত কাৰ্যালয়লৈ আহিব লাগে, ১২ বজাত আহিলেও হ’ব বুলি ভাবিলে নহ’ব ।’’

এবছৰলৈ কোনো এজন কৰ্মচাৰীৰ বদলি নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৪ত জল জীৱন মিছনৰ কাম সম্পন্ন হ’লেহে বদলিৰ কথা চিন্তা কৰা হ’ব । বদলিৰ কথা মনৰ পৰা আঁতৰাই পেলাওক বুলিও কৰ্মচাৰীসকলক উদ্দেশ্যি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Assam Jal Jeevan Mission) ৷

সকলো নৱ-নিযুক্ত কৰ্মচাৰীকে গৃহ জিলাত অথবা নিকটৱৰ্তী জিলাত নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি পদ নথকা জিলাসমূহৰ প্ৰাৰ্থীসকলকহে কিছু দূৰৈত নিযুক্তি দিয়া হৈছে বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

দুখীয়া মানুহৰ প্ৰতি আপোনালোকৰ দায়িত্ব আছে আৰু ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰি পোৱা ৰাজহৰ পৰা আপোনালোকক দৰমহা দিয়া হ’ব বুলিও তেওঁ কয় ।

দুখীয়া ৰাইজৰ সৈতে অন্যায় নকৰি সৎ পথত থাকি কাম কৰিবলৈ কৰ্মচাৰীসকলক আহ্বান মন্ত্ৰী বৰুৱাৰ ৷ জল জীৱন মিছনৰ অধীনত চাৰে তিনি বছৰৰ ভিতৰত ৫০ শতাংশ গ্ৰাম্য পৰিয়ালে নলযোগে পানী লাভ কৰিছে বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷ এতিয়ালৈকে নিৰ্ধাৰিত ৬৮ লাখ পৰিয়ালৰ ভিতৰত ৩৪ লাখ পৰিয়ালক পানীৰ সংযোগ দিয়াৰ কথাও মন্ত্ৰী বৰুৱাই উল্লেখ কৰে ৷

লগতে পঢ়ক:AEC student death case update: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষকৰ বাধ্যতামূলক ছুটীৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details