গুৱাহাটী, 2 জুন : কলাক্ষেত্ৰত পৰ্যটন বিভাগত নৱনিযুক্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ অভিমুখীকৰণ অনুষ্ঠান ৷ পৰ্যটন বিভাগত প্ৰায় ডেৰ শতাধিক গৰাকী প্ৰাৰ্থীয়ে নতুনকৈ লাভ কৰিছে নিযুক্তি ৷ নিযুক্তি পোৱা কৰ্মচাৰীসকলক বিভাগটোৰ কাম-কাজ সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই অভিমুখীকৰণ অনুষ্ঠান ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে কেইবাগৰাকীও পৰ্যটন বিভাগৰ বিষয়া- কৰ্মচাৰীৰ লগতে তৃতীয় আৰু চতুৰ্থ বিভাগৰ নৱ নিযুক্ত কৰ্মচাৰীসকলে (Newly Recruited Tourisim Deparment Employees) ৷
এই সভাত নৱ-নিযুক্ত কৰ্মচাৰীসকলক পৰ্যটন বিভাগৰ কামসমূহ কেনেদৰে নিষ্ঠা সহকাৰে কৰিব পৰা যায় সেই সম্পৰ্কে আলোকপাত কৰা হয় ৷ ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ বাবে বর্তমান অসম পৰ্যটনৰ ক্ষেত্ৰখনত বহুখিনি আগবাঢ়িছে ৷ এটা সময়ত বছৰি 40 লাখ পৰ্যটক আহিছিল অসমত, বৰ্তমান এই পৰিসংখ্যা এক কোটিলৈ বৃদ্ধি হৈছে ৷ বৰ্তমান বিভাগীয় মন্ত্ৰীৰ ওচৰলৈ বহু ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানে হোটেল নিৰ্মাণৰ বাবে স্থান বিচাৰি আবেদন কৰে ৷ লগতে তেওঁ কয় যে, ইতিমধ্যে 'তাজে' চাৰিখনকৈ হোটেল নিৰ্মান কৰাৰ যোজা চলাইছে ৰাজ্যত (Orientation Programme) ৷
অসমত বিগত দুটা বছৰত পৰ্যটকৰ সোঁত বৃদ্ধি হৈছে ৷ বিগত দুটা বছৰত অসমৰ সামগ্ৰিক পৰিস্থিতিৰ যথেষ্ট উন্নত হৈছে ৷ বহুজাতিক প্ৰতিষ্ঠানে অসমত বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ অসমত পৰ্যটন ক্ষেত্ৰখনত বহু সম্ভাৱনীয়তা আছে ৷ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত ধৰ্ণা, পিকেটিং, আন্দোলন নাই বাবে তৈলখণ্ডত এই দুখন জিলাত সৰ্বাধিক 1000 হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহ কৰিব পৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে (Orientation Programme at Kalakshetra) ৷
80ৰ দশকৰ পৰা কিছু বছৰৰ আগলৈকে ৰাজনৈতিক নেতাৰ আশীষ থাকিলেহে এটা চাকৰি লাভ কৰিব পাৰিছিল নিবনুৱা যুৱক-যুৱতী সকলে ৷ তেতিয়া মানুহৰ মনত হতাশা হৈছিল কিন্তু এতিয়া পৰিৱৰ্তন হৈছে ৷ যোগ্যতাৰ ভিত্তিত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে বহু নিবনুৱাই নিযুক্তি পাবলৈ সক্ষম হৈছে বুলি কয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ তেওঁ আৰু কয় অসমৰ প্ৰথম প্ৰজন্ম আপোনালোক ৷ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি হোৱাৰ দৰে চাকৰি জীৱনটোও স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে কাম কৰাৰ আহ্বান মন্ত্ৰীগৰাকীৰ ৷ এনেদৰে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সকলোৱে নিজৰ কাম-কাজ কৰি গৈ থাকিলে অতি কম দিনৰ ভিতৰত অসম ভাৰতৰ ভিতৰতে এখন অন্যতম অগ্ৰণী ৰাজ্যত পৰিণত হ’ব বুলিও কয় তেওঁ (Assam Govt Job) ৷