গুৱাহাটী, 21 মাৰ্চ :ন্যায্য প্রাপ্তিৰ দাবীত মহানগৰীৰ চচলত প্ৰতিবাদত বঢ়িল কেইবাটাও সংগঠন (Protest in sachal) ৷ অসম বিধান সভাৰ বাজেট অধিবেশনৰ সপ্তম দিনা কেইবাটাও সংগঠনে প্ৰতিবাদেৰে উত্তাল কৰিলে চচল ৷
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ দাবীত যৌথভাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাভা জনগোষ্ঠীটোৰ বহুকেইটা দল সংগঠনে (Organizations protest demanding justice at Sachal) । প্ৰতিবাদকাৰী সকলক সংগ দিয়ে সদৌ অসম ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰী আৰু ৰাভা স্বায়ত্ব পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক অন্তৰ্ভূক্ত নকৰিলে আগন্তক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিব বুলিও সকীয়াই দিয়ে সংগঠনটোৰ নেতৃত্বই ।
অসমত বসবাস কৰা হিন্দু বঙালী সকলৰ নাগৰিকত্ব সমস্যাৰ সমধান, ডি ভোটাৰ সকলৰ সমস্যাৰ সমধান, ডিটেনশন কেম্প বন্ধ কৰা, হিন্দু বঙালী সকলক বিদেশী ন্যায়াধীকৰণৰ ন’টিচ দিয়া বন্ধ কৰা, চেটেলাইট কাউন্সিল প্ৰদান কৰা আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনে চচলত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷