অসম

assam

ETV Bharat / state

জ্ঞানশ্ৰী বৰাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী দল-সংগঠনৰ - ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰা

জ্ঞানশ্ৰী বৰাৰ ওপৰত এক ৰাজনৈতিক দলৰ আই টি চেলৰ ব্যক্তিয়ে সামাজিক মাধ্যমৰ যোগেৰে অশালীন মন্তব্য কৰাৰ বিৰুদ্ধে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ অসমৰ সংবাদমেল ৷ মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ ঘটনাৰ বিহিত ব্যৱস্থা ল’বলৈ দাবী জনায় সংগঠনটোৱে ৷

organisations-demanding-cms-intervene-in-research-scholar-abuse-case
জ্ঞানশ্ৰী বৰাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী দল-সংগঠনৰ

By

Published : Nov 4, 2021, 7:56 PM IST

গুৱাহাটী, ৩ নৱেম্বৰ :শেহতীয়াকৈ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰী তথা ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ ওপৰত এক ৰাজনৈতিক দলৰ আই টি চেলৰ ব্যক্তিয়ে সামাজিক মাধ্যমৰ যোগেৰে অশালীন মন্তব্য কৰাৰ ঘটনাই সামাজিক মাধ্যমত যথেষ্ট প্ৰভাৱ পেলোৱা দেখা গৈছে ৷ এই ঘটনাৰ লগত জড়িত ব্যক্তি গৰাকীক অচিৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে নিৰ্যাতন বিৰোধী ঐক্যমঞ্চই ।

জ্ঞানশ্ৰী বৰাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী দল-সংগঠনৰ

বৃহস্পতিবাৰে গুৱাহাটী ক্লাৱস্থিত এক সংবাদমেল সম্বোধন কৰি ঐক্যমঞ্চৰ সাধাৰণ সম্পাদিকাদ্বয় সুমিত্ৰা হাজৰিকা আৰু সবিতা লহকৰে কয় যে, ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পোৱা নাৰী নিৰ্যাতন আৰু হত্যাৰ ঘটনাই সমাজত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । জ্ঞানশ্ৰী বৰাক এটা ৰাজনৈতিক দলৰ আই টি চেলৰ ব্যক্তিয়ে অশালীন মন্তব্য কৰিছে তাক কঠোৰ হাতেৰে দমন কৰিব লাগে বুলিও তেওঁলোকে দাবী কৰে ।

তেওঁলোকে পুনৰ কয় যে, ''চৰকাৰে নিজৰ দলৰ আই টি চেলৰ মানুহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰা এই কাৰ্যত হতাশ হৈছো । '' এই পৰিস্থিতিৰ শীঘ্ৰে অৱসান ঘটিব লাগে । ইয়াৰোপৰি, মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ ঘটনাৰ বিহিত ব্যৱস্থা লবলৈ দাবী জনায় নিৰ্যাতন বিৰোধী ঐক্যমঞ্চই ।

আইনৰ সুৰুঙা লৈ দোষী যাতে সাৰি যাব নোৱাৰে তাৰ ওপৰত ব্যৱস্থা ল’বলৈয়ো দাবী জনায় সংগঠনটোৱে । সুমিত্ৰা হাজৰিকাই কয় যে, নাৰীৰ ওপৰত নিৰ্যাতন, হত্যা, হিংসা, ধৰ্ষণ ওপৰত থকা আইনবোৰ আইনতে সীমাবন্ধ হৈ আছে । জ্ঞানশ্ৰী বৰাৰ লগত সংঘটিত হোৱা ঘটনাৰ লগত জড়িত ব্যক্তিক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে ৷

লগতে পঢ়ক :অসমত পেট্ৰ’লৰ মূল্য ১২ টকা আৰু ডিজেলৰ মূল্য ১৭ টকা হ্ৰাস

ABOUT THE AUTHOR

...view details