গুৱাহাটী, ২ জানুৱাৰী : ২০২৪ৰ লোকসভা নিৰ্বাচনৰ(2024 Lok Sabha Election) প্ৰস্তুতিত ব্যস্ত হৈ পৰিছিল ৰাজ্যৰ প্ৰায় সকলো ৰাজনৈতিক দল৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণে বহু ওলট-পালট লগাই দিলে ৰাজনৈতিক দলৰ সমীকৰণত । অসমত ১৪ টা সমষ্টি থাকিলেও ঘটিব বহু সালসলনি ৷ সেয়ে, নিৰ্বাচনী ৰণকৌশলত আউল লাগিছে কংগ্ৰেছকে ধৰি আন বিৰোধীৰ ৷
সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Constituency delimitation Assam) ফলত বৰ্তমানৰ একাধিক বিজেপি সাংসদ সমষ্টিহীন হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ তাৰমাজতে লোকসভা নিৰ্বাচনক লৈ নিজৰ নিৰ্বাচনী ৰণকৌশল মতেই আগবাঢ়িছে শাসকীয় বিজেপি ৷ বিজেপিয়ে কাম-কাজ অব্যাহত ৰাখিছে নিজৰ বুথ পৰ্যায়লৈকে ৷
ইফালে আসন্ন অসম বিজেপিৰ সাংগঠিক সালসলনি ৷ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই অসম বিজেপিৰ সাংগঠনিক সালসলনি হ’ব বুলি চৰ্চিত হৈছে (Organisational changes in Assam BJP) ৷ কিয়নো এই জানুৱাৰীতে শেষ হ’ব বৰ্তমান ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল ৷ সেয়ে, ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে অসম ৰজ্যিক বিজেপিৰ নতুন সাংগঠনিক বিষয়ববীয়া ঘোষিত হ’ব ৷
বিজেপিৰ উচ্চস্তৰীয় ভিতৰুৱা সূত্ৰ অনুসৰি ৰাজ্যিক বিজেপিৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত পুৰণিক বিদায় দি নতুনকৈ আন নেতাক দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে ৷ ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ পদ সাংগঠনিক সম্পাদকৰ পদটোৰ সাল সলনি ঘটোৱাৰ পোষকতা কৰিছে বিজেপিৰ মাৰ্গদৰ্শক আৰ এছ এছে ৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদকৰ পদটোত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰি আছে ফণীন্দ্ৰনাথ শৰ্মাই (Phanindra Nath Sharma Assam BJP)৷ ফণীন্দ্ৰনাথ শৰ্মাৰ ঠাইত আন নতুন সাংগঠনিক সম্পাদকক নিযুক্তি দিয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে আৰ এছ এছ নেতৃত্বই ৷
কেৱল অসমৰে নহয়, দেশৰ বহুকেইখন ৰাজ্যৰ প্ৰায় ১৬ জন গুৰুত্বপূৰ্ণ সম্পাদকক আৰ এছ এছৰ পৰিমৰ্শমতে সালসলনি কৰাৰ পৰিকল্পনা কৰিছে বিজেপি শীৰ্ষ নেতৃত্বই ৷ ৰাজস্থান, হিমাচল, দিল্লী, পঞ্জাৱ, মধ্য প্ৰদেশত এই সালসলনি ঘটাব বিজেপি নেতৃত্বই ৷ এই লৈ আৰ এছ এছ আৰু বিজেপিৰ উচ্চস্তৰীয় বৈঠকো ইতিমধ্যে হৈ গৈছে ৷
আৰ এছ এছৰে থকা ঘনিষ্ঠতাৰ বাবে ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অপসাৰণৰ সম্ভাৱনা কম বুলি চৰ্চিত হৈছে ৷ কিন্তু অসমৰ ক্ষেত্ৰত শেষ মুহূৰ্তত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰে তেতিয়াহে হয়তো ফণীন্দ্ৰনাথ শৰ্মাই পুনৰ ৰাজ্যিক সাংগঠনিক সম্পাদকৰূপে দায়িত্ব লাভ কৰিব পাৰে ৷ কিন্তু আৰ এছ এছ নেতৃত্বক অসন্তুষ্ট কৰি যে মুখ্যমন্ত্ৰীয়ে কিবা কৰিব সেয়া সহজে মনলৈ নহা কথা ৷ এতিয়া অপেক্ষা ফেব্ৰুৱাৰীত ঘোষিত হ’বলগীয়া চূড়ান্ত কমিটিৰ ঘোষণালৈ ৷
২০২৪ত ১৪ খনৰ ভিতৰত ১৩খনেই দখলৰ লক্ষ্য বিজেপিৰ ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি তৎপৰতা অব্যাহত আছে বিজেপিৰ ৷ কিছুসংখ্যক নেতা সমষ্টিহীন হ’ব যদিও সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক হাথিয়াৰ কৰি লোকসভাৰ বাবে বিজেপি আগবাঢ়িব বুলি পতিয়ন গৈছে প্ৰায় সকলো বিৰোধী পক্ষ ৷