গুৱাহাটী, ২৫ মে’:গুৱাহাটী মহানগৰীৰ খাদ্যৰ বিপনীসমূহত 'অসুৰক্ষিত, নিম্ন মানদণ্ড আৰু ভুল ব্ৰেণ্ডেড' খাদ্য সামগ্ৰী বিক্ৰেতা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰিয়ে নিজৰ দায়িত্ব সামৰিছে গুৱাহাটী পৌৰ নিগমে । ফলত অসাধু ব্যৱসায়ীয়ে নিজৰ মুনাফা আদায়ৰ স্বাৰ্থত অস্বাস্থ্যকৰ, নিম্ন মানদণ্ডৰ খাদ্য বিক্ৰী কৰি আহিছে । খাদ্য বিপনীসমূহত স্বাস্থ্যকৰ খাদ্য বিক্ৰী কৰি আছে নে নাই তাক পৰীক্ষা কৰি গোচৰ ৰুজু কৰাৰ কোনো ব্যৱস্থা নাই গুৱাহাটী পৌৰ নিগমৰ (Unhealthy food in Guwahati hotel)।
এই কথাত ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ তথ্য আয়োগে(Assam Information Commission) । আয়োগে অস্বাস্থ্যকৰ খাদ্য বিক্ৰী কৰা, খাদ্য ভেজালকৰণত লিপ্ত হোৱা বিক্ৰেতা বা প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰাৰ লগতে আইন সংশোধন কৰি গোচৰ পঞ্জীয়ণ কৰিবলৈ নিৰ্দেশ দিছে জি এম চিক । আৰ টি আই কৰ্মী তথা সমাজকৰ্মী উৎপল দাসে(RTI activist Utpal Das) মহানগৰীত মুনাফা আদায়ৰ স্বাৰ্থত অসাধু ব্যৱসায়ীয়ে খাদ্য ভেজাল আৰু অস্বাস্থ্যকৰ খাদ্য বিক্ৰী কৰি অহাসকলৰ বিৰুদ্ধে জি এম চি য়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে তাৰ তথ্য বিচাৰি আৰ টি আই আইনৰ অধীনত জি এম চিত আবেদন দাখিল কৰিছিল।
জি এম চিয়ে কোনো ধৰণৰ তথ্য দাখিল নকৰাত তেও ৰাজ্যিক তথ্য আয়োগৰ ওচৰত আবেদন কৰে । ইয়াৰ পাছতে তথ্য আয়োগে জিম এম চিক তথ্য বিচৰাত জি এম চিয়ে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য বিক্ৰী কৰা বিক্ৰেতাৰ বিৰুদ্ধে জৰিমনা বিহি আহিছে বুলি উল্লেখ কৰিছিল । ইয়াৰ পাছতে ৰাজ্যৰ তথ্য আয়োগে খাদ্য ভেজালত লিপ্ত হোৱা বিক্ৰেতা বা প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে আইন সংশোধন কৰি গোচৰ পজ্ঞীয়ন কৰিবলৈ নিৰ্দেশ দিছে জি এম চিক(Guwahati municipal corporation) । কিন্তু বৰ্তমনানলৈ জি এম চিয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই ।