অসম

assam

ETV Bharat / state

কমলা খেতিৰে স্বাৱলম্বী অসমীয়া যুৱক - plantation at sonapur markang

এসময়ত সোণাপুৰ কমলা খেতিৰ বাবে সমগ্ৰ উত্তৰ পূবতে বিখ্যাত আছিল যদিও বৰ্তমান সোণাপুৰৰ কমলা খেতিয়কে ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ সুবিধা নোপোৱাৰ পাছত কমলা উৎপাদনৰ হাৰ যথেষ্ট কমিছে ৷ এতিয়া গোপেশ তেৰণৰ দৰে কেৱল একাংশ কৃষকেহে বৰ্তাই ৰাখিছে এই কৃষি-কাৰ্য ৷ চৰকাৰী কোনো সা-সুবিধা লাভ নকৰা গোপেশ তেৰণে কমলা খেতিৰে বছৰি উপাৰ্জন কৰে ৮০ হাজাৰ টকা ৷

কমলা খেতিৰে স্বাৱলম্বিতা অৰ্জন
কমলা খেতিৰে স্বাৱলম্বিতা অৰ্জন

By

Published : Dec 19, 2019, 3:24 PM IST

Updated : Dec 19, 2019, 5:56 PM IST

গুৱাহাটী,19 ডিচেম্বৰঃচৰকাৰী চাকৰিৰ নামত নিবনুৱা হৈ হাত সাৱটি নাথাকি অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল সোণাপুৰ মাৰকাঙত কমলা খেতি কৰি স্বাৱলম্বী হৈছে গোপেশ তেৰণ নামৰ এজন অসমীয়া যুৱক ৷ এসময়ত সোণাপুৰ কমলা খেতিৰ বাবে সমগ্ৰ উত্তৰ পূৱত বিখ্যাত আছিল যদিও বৰ্তমান সোণাপুৰৰ কমলা খেতিয়কে ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ সুবিধা নোপোৱাৰ পাছত কমলা উৎপাদনৰ হাৰ যথেষ্ট কমিছে ৷ অচিন ৰোগৰ ফলত ক্ৰমাণ্বয়ে এজোপা দুজোপাকৈ মৰি গৈ আছে কমলা গছবোৰ ৷ এইখিনিতে উল্লেখনীয় যে, ডিগাৰুৰ এয়াৰ ফৰ্চ ষ্টেচন উদ্বোধনীৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক সম্বৰ্ধনা জনাবৰ বাবে সোণাপুৰৰ কৃষকে কমলাৰে নিৰ্মাণ কৰিছিল মুখ্য তোৰণখন ৷ কিন্তু এতিয়া গোপেশ তেৰণৰ দৰে কেৱল একাংশ কৃষকেহে বৰ্তাই ৰাখিছে এই কৃষি-কাৰ্য ৷ এই ক্ষেত্ৰত যদি অসম চৰকাৰৰ কৃষি বিভাগে গুৰুত্ব প্ৰদান কৰে, তেন্তে পুনৰ সোণাপুৰত পূৰ্বৰ দৰে কমলা উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে সোণাপুৰৰ কৃষকে ৷

কমলা খেতিৰে স্বাৱলম্বিতা অৰ্জন
Last Updated : Dec 19, 2019, 5:56 PM IST

ABOUT THE AUTHOR

...view details