অসম

assam

ETV Bharat / state

কৰৰ বোজাৰে জনতাক টেঁটুচেপা চৰকাৰৰ বিৰুদ্ধে গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ

বৃহস্পতিবাৰে প্ৰতিবাদী কণ্ঠত গুঞ্জৰি উঠিল গুৱাহাটীৰ লক্ষীধৰ‌ বৰা‌ ক্ষেত্ৰ ৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ১৫ টা ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চই সাব্যস্ত কৰে প্ৰতিবাদ (Opposition Unity Forum protest) ৷

Opposition Unity Forum protest against BJP govt in Guwahati
প্ৰতিবাদী কণ্ঠত গুঞ্জৰি উঠিল গুৱাহাটীৰ লক্ষীধৰ‌ বৰা‌ ক্ষেত্ৰ

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 3:22 PM IST

Updated : Nov 23, 2023, 4:50 PM IST

প্ৰতিবাদী কণ্ঠত গুঞ্জৰি উঠিল গুৱাহাটীৰ লক্ষীধৰ‌ বৰা‌ ক্ষেত্ৰ

গুৱাহাটী, ২৩ নৱেম্বৰ :কৰৰ বোজাৰে জনতাক টেঁটুচেপা দিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৷ এই অভিযোগ অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ ৷ সেয়ে ৰাজ্য চৰকাৰে বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহ । ১৫ টা ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চই চৰকাৰৰ জনগণ বিৰোধী, অগণতান্ত্ৰিক, হঠকাৰী সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰেৰে গুৱাহাটীৰ লক্ষীধৰ‌ বৰা‌ ক্ষেত্ৰত বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ, চি পি আই এমৰ নেতা হেমেন দাস, উদ্ধৱ‌‌ বৰ্মন, সুপ্ৰকাশ তালুকদাৰ, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ লগতে আপ আৰু অসম তৃণমূল কংগ্ৰেছৰ কেবাগৰাকী নেতা উপস্থিত আছিল ।

কাৰ্যসূচীত অংশ লৈ প্ৰতিবাদকাৰীসকলে বিজেপি‌ চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বিৰোধী ঐক্য মঞ্চৰ হৈ মন্তব্য দি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে জনসাধাৰণৰ ওপৰত জধেমধে কৰ আৰোপ কৰা কাৰ্যক অতি আচৰিত আৰু ভয়াবহ কথা বুলি উল্লেখ কৰে ।

চৰকাৰখনৰ চৰিত্ৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈ ভয়ংকৰ আৰু ভয়াৱহ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ইতিহাসৰ আটাইতকৈ নিষ্কর্মা মুখ্যমন্ত্ৰীৰূপে তেওঁ অভিহিত কৰে । মুখ্যমন্ত্ৰীয়ে জাতি-জনগোষ্ঠীৰ অসমৰ কৃষ্টি সংস্কৃতিৰ মেটমৰা ব্যৱস্থাক বিৰোধিতা কৰা বুলি অভিযোগ তুলি লুৰীণজ্যোতি গগৈয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অসমীয়া সংস্কৃতিৰ শত্ৰু ।

ইপিনে কাৰ্যসূচীত অংশ লৈ বিৰোধী ঐক্য মঞ্চৰ হৈ মন্তব্য দি সাংসদ অজিত কুমাৰ ভূঞাই কয় যে চৰকাৰৰ কৰ্ম-কাণ্ডত অসহায় হৈ পৰিছে সাধাৰণ ৰাইজ । বিশেষকৈ সাংস্কৃতিক অনুষ্ঠান, বিহুৰ অনুষ্ঠান, সমূহীয়া দৌৰ, বাটৰ নাট, সজাগতা ৰেলীকে ধৰি ঘৰত বনকৰা লোকৰ ওপৰতো চৰকাৰে কৰৰ বোজা জাপি দিয়া কার্যত বিবুধিত পৰিছে সৰ্বসাধাৰণ ।

ভোটৰ অংকত হিতাধিকাৰীক ধন প্ৰদানৰ বাবে লোৱা ঋণৰ সুত মাৰিবলৈ ৰাইজৰ মূৰত কৰৰ বোজা জাপি দিয়া কার্যক তেওঁ সমালোচনা কৰে । সময় থাকোতে শীঘ্ৰে চৰকাৰে জনতাৰ ওপৰত কৰা আৰোপৰ হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে পৰিস্থিতি বিষম হ'ব বুলি তেওঁ সকীয়াই দিয়ে ।

আনহাতে, কাৰ্যসূচীত অংশ লৈ বিৰোধী ঐক্য মঞ্চৰ হৈ মন্তব্য দি কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ কয় যে অসম চৰকাৰে শেহতীয়াকৈ ৰাজনৈতিক দলৰ সমাবেশ, সভা-সমিতি, আলোচনাচক্ৰ, সাংস্কৃতিক অনুষ্ঠান, শোভাযাত্ৰা অদিত কৰ আৰোপ কৰাৰ যি সিদ্ধান্ত লৈছে, সেয়া‌ গৰিহণাযোগ্য । চৰকাৰৰ এই সিদ্ধান্ত দৰাচলতে গণতন্ত্ৰৰ পৰিপন্থী ।

লগতে পঢ়ক :৯১ বছৰ গৰকিলে চিৰ তৰুণ কথাশিল্পী ইমৰান শ্বাহে

Last Updated : Nov 23, 2023, 4:50 PM IST

ABOUT THE AUTHOR

...view details