অসম

assam

30 নৱেম্বৰত অনুষ্ঠিত হ’ব বিৰোধী ঐক্য মঞ্চৰ পৰৱৰ্তী বৈঠক

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 7:15 AM IST

লোকসভাত আসন বুজাবুজিৰে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপকলৈ এতিয়াও অনিশ্চিত বিৰোধী শিবিৰ ৷ 30 নৱেম্বৰত বিৰোধী ঐক্য মঞ্চৰ বৈঠক অনুষ্ঠিত হ’ব ৷ ডিব্ৰুগড় চহৰত অনুষ্ঠিত হ'ব এই বৈঠক ৷

Opposition Unity forum Meeting to be held on 30 november in Dibrugarh
বিৰোধী ঐক্য মঞ্চৰ বৈঠক

গুৱাহাটী, 26 নৱেম্বৰ : লোকসভা নিৰ্বাচন সমাগত । সমাগত লোকসভা নিৰ্বাচনত বিজেপি দলক প্ৰতিহিত কৰাৰ বাবে দেশ তথা অসমত গঢ়ি উঠিছে বিৰোধী ঐক্য । অসমত 15 টা বিৰোধী দলৰ মাজত বিৰোধী ঐক্য মঞ্চ গঢ়ি উঠিছে যদিও কোন দলে ক'ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । বিৰোধী দলবোৰে বিভিন্ন লোকসভা‌‌ সমষ্টিত নিজৰ নিজৰ প্ৰাৰ্থী থিয় কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ।

কিন্তু বিৰোধী ঐক্য মঞ্চই এই বিষয়টো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । চূড়ান্ত সিদ্ধান্তটোৰ বাবে সকলো দলৰ নেতা-কৰ্মী এতিয়াও অপেক্ষাৰত । অহা 30 নৱেম্বৰত বিৰোধী ঐক্য মঞ্চৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠক ডিব্ৰুগড় চহৰত অনুষ্ঠিত হ'ব । যোৱা‌ 17 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হৈছিল বিৰোধী ঐক্য মঞ্চৰ দ্বিতীয়খন বৈঠক । এই‌ বৈঠকতো আসন‌ বুজাবুজিলৈ আলোচনা নহ'ল ।‌

উল্লেখ্য যে, 15 টা বিৰোধী ৰাজনৈতিক দলৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰথমখন বৈঠকত সকলো বিৰোধী ৰাজনৈতিক দলে 14 টা লোকসভা সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছিল । মন কৰিবলীয়া যে, অখিল গগৈৰ ৰাইজৰ দলে লোকসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী থিয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

আগন্তুক 30 নৱেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া বিৰোধী ঐক্য মঞ্চৰ বৈঠক সম্পৰ্কত ঐক্য মঞ্চৰ বিষয়ববীয়া তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন‌ বৰাই কয়, "অহা বৈঠকত আসন সম্পৰ্কে আলোচনা নহয় । বিৰোধী ঐক্য মঞ্চৰ ঘোষণা পত্ৰ আৰু বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ অভিযোগ পত্ৰ চূড়ান্ত কৰা হ'ব । তাৰ ভিত্তিত পৰৱৰ্তী সময়ত কাৰ্যপন্থা গ্ৰহণ কৰা হ'ব’’ ৷

বৰাই পুনৰ কয়, "এতিয়ালৈকে কোনো দলে নিজৰ প্ৰাৰ্থী ঠিক কৰা নাই ।‌ পৰৱৰ্তী বৈঠকতহে আসনৰ বিষয়ে আলোচনা কৰা হ'ব’’ । আনপিনে অসম জতীয় পৰিষদৰ বিষয়ববীয়া জিয়াউৰ ৰহমানে কয়, "অজাপ দলে দলৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ মজিয়াত এতিয়লৈকে তেওঁলোকৰ প্ৰাৰ্থী সম্পৰ্কত আলোচনা কৰা নাই’’ ।

আনহাতে আপৰ সভাপতি ভৱেন‌ চৌধুৰীয়ে কয় যে আপে এতিয়লৈকে তিনিটা লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কিন্তু বিৰোধী ঐক্য মঞ্চৰ‌ বৈঠকতে এইবোৰ কথা চূড়ান্ত হ'ব । ইপিনে চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, "তেওঁলোকৰ দলে বৰপেটা লোকসভা সমষ্টি বিচাৰিব ।‌ সম্ভৱত তিনি ডিচেম্বৰৰ পিচতহে আসন‌ বুজাবুজিৰ‌ বিষয়টো আগবাঢ়িব’’ ।

মন কৰিবলগীয়া যে, অহা তিনি ডিচেম্বৰত পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল‌ ঘোষণা কৰা‌ হ'ব । এই নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল উন্নত হ'লে অসমত লোকসভা নিৰ্বাচনৰ আসনৰ সমীকৰণ সলনি হ'ব পাৰে । ইয়াকে লৈ এতিয়া কংগ্ৰেছৰ লগতে বিৰোধী দল বিশেষকৈ অসম তৃণমূল কংগ্ৰেছ, অজাপ , আপ আৰু চি পি‌ আই এমৰ মাজত উৎকণ্ঠা আছে ।

লগতে পঢ়ক :BJP alliance seat share in Assam: লোকসভা নিৰ্বাচনত কিদৰে হ’ব বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰা ?

ABOUT THE AUTHOR

...view details