গুৱাহাটী, ১৩ অক্টোবৰ :নেতৃত্বই অজ্ঞতা প্ৰকাশ কৰিলেও কিন্তু কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থীৰ প্ৰস্তাৱিত তালিকাই আউল লগাইছে বিৰোধীৰ ঐক্যত । উল্লেখ্য যে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ মিত্ৰজোঁট 'INDIA' গঠন হোৱাৰ দৰে অসমতো ১২টা বিৰোধী দল ঐক্যবদ্ধ হৈছে । কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চই আসন ভাগ-বটোৱাৰাক লৈ এতিয়াও কোনো ধৰণৰ আলোচনাত বহা নাই । কিন্তু বিৰোধী ঐক্যমঞ্চই প্ৰতিটো সমষ্টিত উমৈহতীয়া একোজন প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছে ।
১৪টা সমষ্টিত বিৰোধীৰ আসনৰ প্ৰসংগত কোনো ধৰণৰ আলোচনা নোহোৱাৰ মাজতে কংগ্ৰেছৰ এখন সম্ভাৱ্য প্ৰাৰ্থীৰ প্ৰস্তাৱিত তালিকা প্ৰকাশ পাইছে । যিখন তালিকাত কংগ্ৰেছে ১৪ টা সমষ্টিৰ বিপৰীতে ৮৪ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰিছে । অৱশ্যে এই তালিকাক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি একাংশ নেতাই অজ্ঞতা প্ৰকাশ কৰিছে । কিন্তু অজ্ঞতা প্ৰকাশ কৰিলেও এই তালিকাখনক লৈ বিৰোধী ঐক্যমঞ্চত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হোৱা ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আম আদমি পার্টী, চিপি আই (এম) আদি দলৰ নেতাসকলে সমগ্র বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
বিৰোধী দলসমূহক নস্যাৎ কৰি কংগ্ৰেছে এনেদৰে ১৪টা লোকসভা সমষ্টিৰ বাবে প্রার্থিত্ব প্রত্যাশীৰ নাম প্রকাশ কৰা কাৰ্যই বিৰোধী ঐক্যত আঘাত হানিছে বুলি কেইবাজনো নেতাই মত প্ৰকাশ কৰিছে । এই সন্দৰ্ভত বিৰোধী ঐক্যৰ কেইবাজনো নেতাৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কংগ্ৰেছে আগতীয়াকৈ কি কাৰণত পেনেলখন ৰাজহুৱা কৰিছে সেয়া ৰহস্যজনক । দেশ ৰক্ষা কৰিব লাগিলে সকলোৱে একত্ৰিত হৈ যুঁজি বিজেপিক পৰাভূত কৰিব লাগিব । ৰাইজেও সেয়াই বিচাৰিছে । এই কথা বুজি নাপালে সমস্যাৰ সৃষ্টি হ'ব বুলি তেওঁ কয় ।
তেওঁ লগতে কয় যে সকলোৱে বিৰোধীৰ একতাৰ সূত্ৰটো মানি চলক । ইফালে আম আদমি পার্টীৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে ইণ্ডিয়া গঠন হোৱাৰ পিছত আপে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সম্পৰ্কীয় কোনো কথা ৰাজহুৱা কৰা নাই । কিয়নো কোন সমষ্টি কোন দলক প্ৰদান কৰা হ'ব সেয়া ঠিক কৰিব ইণ্ডিয়াৰ বৈঠকতহে । কংগ্ৰেছে এনেদৰে তালিকা ৰাজহুৱা কৰিলে বিৰোধী দলসমূহৰ মাজত বিভেদ সৃষ্টি হ'ব পাৰে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে এয়া বিৰোধী ঐক্যৰ নীতি হ’ব নোৱাৰে । বিৰোধী ঐক্যত সংঘাত যাতে নাহে তাৰ বাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্রদেশ কংগ্ৰেছক নিজৰ স্থিতি স্পষ্ট কৰাৰ প্ৰয়োজন আছে ।
ইফালে অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ উপ-সভাপতি দুলু আহমেদে কয় যে কংগ্ৰেছে এনেদৰে প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰাটো উচিত হোৱা নাই । বিৰোধী দলসমূহৰ মাজত কোনো আলোচনা নকৰাকৈ এনেদৰে তালিকা প্রকাশ কৰাত বিৰোধী ঐক্যৰ দলসমূহৰ মাজত সন্দেহৰ সৃষ্টি হৈছে । জাতীয় পৰিষদেও ছয়টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা ভাবিছে । কিন্তু বিৰোধী দলসমূহৰ মাজত আলোচনা নোহোৱাৰ বাবেই এই কথা প্রকাশ কৰা নাই বুলি তেওঁ কয় । অসমত কংগ্ৰেছৰ এনে কাম-কাজৰ ফলত বিৰোধী ঐক্য ব্যৰ্থ হ'ব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে ।