গুৱাহাটী, ১৩ মাৰ্চ: ৰাজ্যসভাত খালী হবলগীয়া দুখন আসনৰ ভিতৰত এখনৰ বাবে শীঘ্ৰে বিৰোধীয়ে এজন সৰ্বসন্মত প্ৰাৰ্থী ঘোষণা কৰিব(Opposition to declare candidate for rajya sabha election) । অৱশ্যে নিশ্চিতভাবে আটাইকেইটা বিৰোধী দলৰ সৈতে আলোচনা কৰাৰ পিছতহে প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰাৰ্থীগৰাকী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । শণিবাৰে দিল্লীত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এই কথা প্ৰকাশ কৰিছে ।
স্মৰ্তব্য যে ৰাজ্যসভাৰ আসনখন AIUDFক এৰি দিব লাগে বুলি আৰ্জি লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিবলৈ শনিবাৰেই বদৰুদ্দিন আজমলৰ সৈতে দিল্লীলৈ উৰা মাৰিছিল AIUDFৰ এটা প্ৰতিনিধি দল(AIUDF delegation to Delhi) । দিল্লীলৈ যোৱা এই দলটোৰ আন দুগৰাকী বিধায়ক ক্ৰমে কৰিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামে (কনিষ্ঠ) শনিবাৰে নিশা দিল্লীত জিতেন্দ্ৰ সিঙৰ সৈতে এক বৈঠকত মিলিত হৈ আসনখন AIUDFক এৰি দিয়াৰ বাবে অনুৰোধ জনায় ।
দেওবাৰেও এই দুই বিধায়কে কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাক সাক্ষাৎ কৰি আলোচনাত মিলিত হয় । আনহাতে, দিল্লীৰ পৰা বিধায়ক আমিনুল ইছলামে জনোৱা মতে বিৰোধী কোনো কাৰণতে যাতে বিভক্ত নহয় আৰু তাৰ সুযোগ যাতে বিজেপিয়ে লব নোৱাৰে তাৰ প্ৰতি সজাগ থাকিবলৈ শণিবাৰৰ আলোচনাত জিতেন্দ্ৰ সিঙে আহ্বান জনোৱাৰ বিষয়েও প্ৰকাশ কৰে ।