অসম

assam

ETV Bharat / state

Opposition protest: হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত মহানগৰীত বিৰোধীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - ধীৰেন অধিকাৰী

ৰাজ্য়ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ 2017 চনত মণিপুৰৰ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ কুকি বিদ্ৰোহী সংগঠনৰ সহায় লোৱাৰ খবৰ পোহৰলৈ অহাৰ পাচতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবীৰে গুৱাহাটীত বিৰোধীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

Opposition protest
Opposition protest

By

Published : Jun 15, 2023, 3:42 PM IST

হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবীৰ মহানগৰীত বিৰোধীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

গুৱাহাটী, 15 জুন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ ৷ শেহতীয়াকৈ এই তথ্য পোহৰলৈ অহাৰ পাচতেই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীত AIUDFক বাদ দি ৰাজ্যৰ প্ৰধান বিৰোধী দলসমূহে গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি বিৰোধী দলসমূহৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

কাৰ্যসূচীত অংশ লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে 2017 চনত মণিপুৰত বিধানসভা নিৰ্বাচন জিকিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কুকি উগ্ৰপন্থীৰ সহায় লৈছিল ৷ সেই কুকি উগ্ৰপন্থী সংগঠনৰ লগত মেইটেইসকলৰ সংঘৰ্ষত 100 তকৈ অধিক লোক নিহত হৈছে । সশস্ত্ৰ সংগঠনৰ লগত গোপনে বুজাবুজি কৰি বিজেপিক নিৰ্বাচন জিকোৱাৰ ষড়ন্ত্ৰত লিপ্ত হোৱা মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে ৷

লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে মণিপুৰত উগ্ৰপন্থীৰ সহায়ত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে ৷ উগ্ৰপন্থী আৰু বিজেপিৰ মাজত বুজাবুজি হৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱৰ জৰিয়তে ৷

উল্লেখ্য যে শেহতীয়া মণিপুৰৰ এটা বিদ্ৰোহী সংগঠনৰ নেতাই 2019 চনত গৃহমন্ত্ৰী অমিত শ্বাহলৈ লিখা এখন পত্ৰত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক বাতৰিক এই বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ পাচতেই এতিয়া ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

বৃহস্পতিবাৰৰ অৱস্থান ধৰ্মঘটন কাৰ্যসূচীত চি পি আই এমৰ নেতা হেমেন দাস,‌এন চি পি ৰাজ্যিক সভাপতি ধীৰেন অধিকাৰী, বলীন কুলী, সাংসদ অজিত কুমাৰ ভূঞা, ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন আদিও উপস্থিত থাকে ৷

লগতে পঢ়ক:SI Junmoni Rabha death case : জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ৪ টা গোচৰলৈ তদন্তত চি বি আইৰ দল

ABOUT THE AUTHOR

...view details