অসম

assam

ETV Bharat / state

Assam Assembly Session 2023: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ চৰ্চিত ভূমি কেলেংকাৰীকলৈ উত্তাল‌ সদন; প্ৰতিবাদ বিৰোধীৰ - Assam Assembly Session 2023

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ পত্নীৰ চৰ্চিত ভূমি বিতৰ্ক ৷ বিৰোধী দল বিষয়টো আলোচনাৰ বাবে উত্থাপন কৰাৰ পিচতে সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ সভা স্থগিত ৰাখে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷

Assam Assembly 2023
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীকলৈ উত্তাল‌ সদন

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 1:48 PM IST

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীকলৈ উত্তাল‌ সদন

গুৱাহাটী, 14 ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ চৰ্চিত ভূমি কেলেংকাৰীৰ বিষয়টো বিধানসভাৰ‌ মজিয়াত বৃহস্পতিবাৰে পুনৰ কংগ্ৰেছ দলৰ লগতে বিধায়ক অখিল গগৈয়ে উত্থাপন কৰে । বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী বিষয়টো সদনৰ মজিয়াত আলোচনা কৰাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ আগবঢ়ায় । বিষয়টোৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সম্মতি প্ৰদান‌ নকৰে ।

যাৰ‌ বাবে কংগ্ৰেছৰ বিধায়কসকলে সদনত সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ । কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে প্লে’কাৰ্ড লৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওচৰলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰি সদনৰ কাম-কাজ অচল কৰি তোলে । যাৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদন 15 মিনিটৰ বাবে স্থগিত ৰাখে ।

15 মিনিট পিছত সদনৰ কাম-কাজ পুনৰ আৰম্ভ হয় যদিও কংগ্ৰেছ দলৰ বিধায়কসকলৰ লগতে বিধায়ক অখিল গগৈ সভা স্থগিত প্ৰস্তাৱত অটল হৈ থাকে । এই ক্ষেত্ৰত পুনৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সভা স্থগিত প্ৰস্তাৱ নাকচ কৰাত কংগ্ৰেছ দলৰ বিধায়কসকলৰ লগতে বিধায়ক অখিল গগৈয়ে প্ৰতিবাদ জনায় সদন‌ ত্যাগ কৰে ।

উল্লেখ্য যে, নগাঁও জিলাৰ কলিয়াবৰৰ বৰভগীয়া মৌজাৰ দাৰি গজি গাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই 50 বিঘা 2 কঠা 19 লেচা কৃষিভূমি ক্ৰয় কৰা বুলি ৰাজ্যত চলিছে সৰৱ চৰ্চা । উত্থাপিত অভিযোগ অনুসৰি এই কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰিছে ৷ মাত্র 10 মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰণালয়ৰ পৰা ‘প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত 10 কোটি টকাৰ ৰাজসাহায্য ।

মাত্র 10 মাহৰ ভিতৰত মাটি ক্রয় কৰি মাটিৰ শ্ৰেণী পৰিৱৰ্তনেৰে উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য কেনেকৈ লাভ কৰিব পাৰে ইয়াকে লৈ ৰাজ্যৰ লগতে দেশৰ ৰাজনীতিতো চলিছে সৰৱ চৰ্চা ।

লগতে পঢ়ক:Assam Assembly Autumn session: সদনৰ মজিয়াত বিৰোধীক কিয় বুঢ়া আঙুলি দেখুৱালে মন্ত্ৰী চন্দ্ৰমোহনে ?

ABOUT THE AUTHOR

...view details