গুৱাহাটী, ২৭ এপ্ৰিল:বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১১টা বিৰোধী দল । বৃহস্পতিবাৰে এই ১১টা বিৰোধী দলে দ্বিতীয়বাৰৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (Opposition party meeting at Guwahati) । ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল বৈঠক । ইয়াৰ পিচত আজি অৰ্থাৎ বৃহস্পতিবাৰে নিশা মহানগৰীৰ হোটেল লিলিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক । ইয়াত উপস্থিত থাকে নিমন্ত্ৰিত ১১ টাকৈ ৰাজনৈতিক দলৰ নেতৃত্ব (AICC General Secretary at Guwahati Meeting) ।
জানিব পৰা মতে, আম আদমী পাৰ্টীৰ প্ৰতিনিধিৰ বাহিৰে প্ৰায় সকলো ৰাজনৈতিক দলৰ মূৰব্বী তথা নেতৃত্ব উপস্থিত থাকে বৈঠকত (Congress preparation of Lok Sabha Election) । কংগ্ৰেছে আয়োজন কৰা গুৰুত্বপূৰ্ণ বৈঠকখনত ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আঞ্চলিক গণ মৰ্চা, তৃণমূল কংগ্ৰেছ, আৰ জে ডি, এন চি পি আদি দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰে । এ আই ইউ ডি এফক বাদ দি ১১ টা দলে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰূপৰেখা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে । বিৰোধী দলকেইটাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য বিজেপিক প্ৰতিহত কৰা (Opposition party meeting in Assam) ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১০ মাৰ্চত অনুষ্ঠিত প্ৰথমখন বৈঠকত এ আই ইউ ডি এফৰ উপৰি আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে স্থান পোৱা নাছিল । এইবাৰ আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছক আমন্ত্রণ জনোৱা হৈছে (APCC latest news)। বিৰোধীৰ ঐক্যবদ্ধ বৈঠকত বিজেপিক প্ৰতিহত কৰাৰ দিশত বিশদভাৱে আলোচনা কৰা হয় । উক্ত বৈঠকত জীতেন্দ্ৰ সিঙে আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলসমূহৰ মতামত গ্ৰহণ কৰাৰ লগতে বিভিন্ন বিষয় আলোচনা কৰে । বৈঠকখনত বিজেপিৰ বিৰুদ্ধে কেনেদৰে একত্ৰিতভাৱে কাম কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় ।