অসম

assam

By

Published : Sep 19, 2021, 5:43 PM IST

Updated : Sep 19, 2021, 6:29 PM IST

ETV Bharat / state

আনুষ্ঠানিকভাৱে বিৰোধী বিহীন হ'ল নাগালেণ্ড বিধানসভা

সম্প্ৰতি নগা শান্তি চুক্তিকলৈ দেশত বিভিন্ন ধৰণৰ জল্পনা-কল্পনা অব্যাহত আছে । কিন্তু তাৰ মাজতে নাগালেণ্ডৰ ৰাজনীতিত কোনেও নভবা এক পৰিৱৰ্তন হৈছে । যাকলৈ এতিয়া সকলোতে চৰ্চা অব্যাহত আছে ।

Nagaland Assembly
আনুষ্ঠানিকভাৱে বিৰোধী বিহীন হ'ল নাগালেণ্ড বিধানসভা

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : নগা শান্তি চুক্তি স্বাক্ষৰৰ প্ৰাকমূহুৰ্তত নাগালেণ্ডৰ ৰাজনীতিত ঘটিছে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন । আনুষ্ঠানিকভাৱে বিৰোধীবিহীন হৈ পৰিছে নাগালেণ্ড বিধানসভা (Nagaland Assembly) । এতিয়া আৰু নাগালেণ্ডৰ ৰাজনীতিত বিৰোধী শক্তি বুলি কোনো শক্তি নাই ।

আনুষ্ঠানিকভাৱে বিৰোধী বিহীন হ'ল নাগালেণ্ড বিধানসভা

নাগালেণ্ড বিধানসভাৰ সকলো ৰাজনৈতিক দল আৰু নিৰ্দলীয় বিধায়ক একত্ৰিত হৈ গঠন কৰিছে ইউনাইটেড ডেম'ক্ৰেটিক এলায়েঞ্চ (United Democratic Alliance) । ইউ ডি এত (UDA) অন্তৰ্ভুক্ত হোৱা দল কেইটা হ'ল বিজেপি (BJP), এন ডি পি পি (NDPP) আৰু এন পি এফ (NPF) । এই তিনিওটা দলৰ সৈতে একেখন মঞ্চত থিয় দিছে একমাত্ৰ নিৰ্দলীয় বিধায়ক টংপাং উজুকুমো ।

বিধানসভাৰ ভিতৰত থকা এই কেইটা দল আৰু নিৰ্দলীয় বিধায়ক ইতিমধ্যে ডিমাপুৰৰ বেংকুৱেট হলত মিলিত হৈ ঐক্যবদ্ধভাৱে গঠন কৰিছে ইউ ডি এ । এই নতুন মঞ্চ গঠনৰ পিছতে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হৈছে ইউ ডি এৰ নেতৃবৃন্দৰ ফটো । ফলত এতিয়াৰে পৰা নাগালেণ্ড বিধানসভা বিৰোধীশূন্য হৈ পৰিল ।

ইপিনে নগা শান্তি চুক্তি (Naga peace accord) স্বাক্ষৰৰ ঠিক আগে আগে নাগালেণ্ড বিধানসভা এইদৰে বিৰোধীশূন্য হৈ পৰাটো তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে । সম্প্ৰতি নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই ডিমাপুৰত বাহৰ পাতি সকলো পক্ষৰ সৈতে আলোচনা অব্যাহত ৰাখিছে । প্ৰাপ্ত খবৰ মতে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাও ২১ ছেপ্টেম্বৰত নাগালেণ্ডলৈ যোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :সমস্যাৰে জৰ্জৰিত মহানগৰীৰ হৰিজন সম্প্ৰদায়ৰ লোকসকল...

Last Updated : Sep 19, 2021, 6:29 PM IST

ABOUT THE AUTHOR

...view details