গুৱাহাটী, ১৪ জুলাই :বিগত দুমাহ ধৰি বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোলাঘাট কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বর্ষাশ্রী বুঢ়াগোহাঁইৰ ন্যায়ৰ দাবীৰে আজি অসম ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ (Assam State Legal Services Authority) আৰু গোলাঘাট জিলা আইনী সেৱা কৰ্তৃপক্ষলৈ (Golaghat District Legal Services Authority) পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Devabrat Saikia letter to Legal Services Authority) ।
যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰীগৰাকীৰ ১৬ জুলাইৰ পৰা হ'বলগীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ষাণ্মাসিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিবলৈ অনুৰোধ জনাই প্ৰেৰণ কৰা পত্ৰখনত শইকীয়াই ছাত্ৰীগৰাকীৰ আগন্তুক শিক্ষা জীৱনৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাত উপস্থিতিৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ দাবী জনায় (Devi Charan Baruah college student Barshashree Burhagohain in jail) ।
কেইবাখনো উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ উদ্ধৃতি দি বিৰোধী দলপতিগৰাকীয়ে জনায় যে বিভিন্ন উচ্চ ন্যায়ালয়ে এজন আটকাধীন ব্যক্তিক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া সম্পর্কে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে । সেইসমূহৰ ভিতৰত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় ধৰৰ বিচাৰপীঠে প্ৰদান কৰা আৰু পৰৱৰ্তী সময়ত গুৱাহাটী, দিল্লী আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে পালন কৰা এক ৰায়দান অনুসৰি আটক হৈ থকা এজন ব্যক্তিক পৰীক্ষা দিয়াত বাধা দিব নোৱাৰি, যদিহে গুৰুত্বপূৰ্ণ পৰিস্থিতি নাথাকে, য'ত আনকি আটকাধীনজনৰ নিৰাপত্তাও অন্তর্ভুক্ত থাকিব পাৰে ।