গুৱাহাটী, 3 চেপ্তেম্বৰ: ৰাজ্য চৰকাৰে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। নিজৰ প্ৰতিক্ৰিয়াত বিৰোধী দলপতি শইকীয়াই কয়-' চৰকাৰৰ এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন কেবিনেটে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম কর্তন কৰি পুনৰ নামাকৰণ কৰাটো অতি দুর্ভাগ্যজনক। এজন ভাৰতীয় নাগৰিক হিচাপে দেশৰ বাবে আত্ম বলিদান দিয়া এজন ব্যক্তিক কৰা অপমানৰ আমি তীব্ৰ বিৰোধীতা কৰিছো ৷
এই অভয়াৰণ্যৰ নামৰ পৰা ৰাজীৱ গান্ধীৰ নাম কর্তন কৰিব নালাগে, কিয়নো পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ক্ষেত্ৰতে তেওঁৰ অৱদান অপৰিসীম। পোন প্ৰথমবাৰৰ বাবে 1984 চনত দলীয় ইস্তাহাৰত পৰিৱেশ সুৰক্ষাৰ বিষয়টোৱে স্থান পাইছিল । য'ত পৰিৱেশ বহনক্ষম উন্নয়ন, প্ৰাকৃতিক সম্পদৰ অৱক্ষয় আৰু শোষণ আদিৰ বিষয়ে প্ৰকাশ পাইছিল।
লগতে প্ৰাকৃতিক সম্পদৰ ৰক্ষাৰ বাবে এক ৰাষ্ট্ৰীয় সংৰক্ষণ বর্ণনীতি প্ৰস্তুত কৰা, শিক্ষা আৰু তথ্য মাধ্যমত পাৰিপাশ্বিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা, পৰিৱেশ সুৰক্ষাৰ বাবে এক বিশেষ টাস্ক ফর্চ গঠন কৰা, বায়ু আৰু পানী প্ৰদূষন নিয়ন্ত্ৰন কৰা আদি বিষয় উল্লেখ আছিল। 1985 চনত তেওঁ এটা ৰাষ্ট্ৰীয় পতিত ভূমি পৰিষদ গঠন কৰিছিল। তাৰ পৰৱর্তী সময়ত 1986 চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে গংগা নদী পৰিষ্কাৰৰ বাবে গংগা কার্য পৰিকল্পনা জি এ পি প্ৰৱর্তন কৰি গংগা নদীক পৰিষ্কাৰ কৰিছিল।
ৰাজীৱ গান্ধীয়ে 27 টা বিভিন্ন চৰকাৰী বিভাগক পৰিবেশবিদ অনিল আগৰৱালাৰ মতামত গ্ৰহণ কৰি আলোচনাৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণৰ নীতিৰ লগত সামঞ্জস্য ৰাখি আঁচনি প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰি দিছিল।