অসম

assam

ETV Bharat / state

Debabrata Saikia: কেৱল বিল্ডিং নিৰ্মাণ কৰিলে ৰাইজে উন্নত চিকিৎসা সেৱা নাপাব; বিৰোধী দলপতি - দেৱব্ৰত শইকীয়া

ৰাজ্যৰ স্বাস্থ্যখণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয় যে চৰকাৰে ৰাজ্যত মেডিকেল কলেজ স্থাপনৰ ঘোষণা কৰিছে যদিও এতিয়াও চিকিৎসালয়সমূহত অভাৱ অভিযোগ আছে ৷

Debabrata Saikia
Debabrata Saikia

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 6:42 PM IST

ৰাজ্যৰ স্বাস্থ্যখণ্ডক লৈ প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী,২২ ছেপ্টেম্বৰ: মেডিকেল কলেজ নিৰ্মাণৰ নামত কেৱল বিল্ডিং নিৰ্মাণ কৰিলে ৰাইজে কেতিয়াও উন্নত চিকিৎসা সেৱা লাভ কৰিব নোৱাৰে । এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখনৰ পাছত আনখনকৈ মেডিকেল কলেজ স্থাপন কৰাৰ কথা ঘোষণা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে । শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে আন্তঃগাঁথনি অবিহনে কেৱল বিল্ডিং নিৰ্মাণ কৰিলে চিকিৎসা খণ্ডৰ উন্নয়ন নহয় ।

তেওঁ কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ঘোষণা অনুসৰি অসমত ৩৩খন জিলাতে একোখনকৈ মেডিকেল কলেজ হোৱাৰ সম্ভাৱনা আছে । তেওঁ বিজেপি দলে কংগ্ৰেছৰ কাৰ্যকালত অসমত ছয়খন মেডিকেল কলেজ হোৱা বুলি সদায়ে সমালোচনা কৰাৰ প্ৰসংগও উল্লেখ কৰে ।

তেওঁ কয় যে মুখ্যমন্ত্রীয়ে বিশেষ তৎপৰতাৰে বিভিন্ন অঞ্চলত মেডিকেল কলেজ ঘোষণা কৰিছে যদিও ৰাজ্যৰ বিভিন্ন চিকিৎসালয় তথা স্বাস্থ্যকেন্দ্ৰত বহু অভাৱ-অভিযোগ আছে । ৰাজ্যৰ প্ৰাথমিক তথা সামূহিক চিকিৎসা কেন্দ্ৰসমূহত আন্তঃগাঁথনি তথা মানৱ সম্পদৰ বিশেষ অভাৱ আছে ।

একমাত্র গুৱাহাটী মেডিকেল কলেজত সকলো বিভাগ আছে যদিও আন মেডিকেল কলেজত বহু গুৰুত্বপূৰ্ণ বিভাগৰ অধ্যাপক তথা চিকিৎসক নাই । তেনেস্থলত অনাগত দিনত অসমত বহু 'মুন্নাভাই এম বি বি এছ'ৰ সৃষ্টি হ'ব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে ।

তেওঁ কয় যে মেডিকেল কলেজসমূহত সকলো বিভাগ নাথাকিলে শিক্ষাৰ্থীসকল শিক্ষা লাভৰ ক্ষেত্রত বঞ্চিত হ'ব । ইয়াৰ ফলত চিকিৎসা সেৱা বিঘ্নিত হ'ব আৰু ৰাইজে পাবলগীয়া সেৱাৰ পৰা বঞ্চিত হ'ব । কেৱল বিল্ডিং নিৰ্মাণ কৰিলে নহ'ব বুলি সদৰি কৰি তেওঁ কয় যে সকলো বিভাগৰ ব্যৱস্থা কৰি পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয় গঢ় দিব লাগে ।

লগতে পঢ়ক:Himanta Biswa Sarma Controvery : হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰক; কংগ্ৰেছ নেতা কমল নাথলৈ ভূপেন বৰাৰ পত্ৰ

ABOUT THE AUTHOR

...view details