অসম

assam

ETV Bharat / state

Jharkhand MLA Horse Trading: ধানুকাক পলুৱাই পঠিয়ালে কোনে ? দেবব্ৰত শইকীয়াৰ প্ৰশ্ন - ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ড

ঝাৰখণ্ডৰ তিনিজন বিধায়কৰ পৰ‍া কলকাতাত লাখ লাখ টকা উদ্ধাৰ হোৱা ঘটনাৰ লগত অসমৰ নাম সাঙোৰ খাই পৰা সন্দৰ্ভত ৰাজনৈতিক মহলত অব্যাহত আছে প্ৰতিক্ৰিয়া । শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Debabrata Saikia reacts on Jharkhand MLA Horse Trading) ।

Opposition leader Debabrata Saikia reacts on Jharkhand MLA Horse Trading
ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কাণ্ডৰ সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

By

Published : Aug 11, 2022, 7:19 PM IST

গুৱাহাটী, ১১ আগষ্ট:ঝাৰখণ্ডৰ তিনিজন বিধায়কৰ পৰ‍া কলকাতাত লাখ লাখ টকা উদ্ধাৰ হোৱা ঘটনাৰ লগত অসমৰ নাম সাঙোৰ খাই পৰা সন্দৰ্ভত ৰাজনৈতিক মহলত অব্যাহত আছে প্ৰতিক্ৰিয়া (Jharkhand MLA nabbed with large amount of Cash)। ইতিমধ্যে ঘটনা সন্দৰ্ভত পশ্চিমবংগৰ চি আই ডিয়ে তদন্ত অব্যাহত ৰাখিছে ।

ধানুকাক পলুৱাই পঠিয়ালে কোনে ? দেবব্ৰত শইকীয়াৰ প্ৰশ্ন

শেহতীয়াকৈ ঝাৰখণ্ডৰ হৰ্চ ট্ৰেডিং প্ৰসংগত কলকাতা পুলিচৰ চমন পোৱা ফাঁচীবজাৰৰ ব্যৱসায়ী অশোক ধানুকাৰ বাসগৃহত পশ্চিমবংগৰ চি আই ডিয়ে জেৰা কৰিবলৈ আহোতে অসম আৰক্ষীয়ে নিৰাপত্তা দিয়া বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই (Debabrata Saikia reacts on Jharkhand MLA Horse Trading) ।

তেওঁ কয় যে, ব্যৱসায়ী অশোক ধনুকাৰ বাসগৃহত পশ্চিমবংগৰ চি আই ডিয়ে জেৰা কৰিবলৈ আহোতে অসম চৰকাৰৰ তত্বাৱধানত তেওঁক ৰক্ষণাবেক্ষণ দি পলোৱাত সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে (Himanta Biswa Sarma in Jharkhand MLA FIR) ৷ যিহেতু এতিয়ালৈকে তেওঁ পলাতক হৈ আছে ।

লগতে অপৰাধ মুক্ত অসমৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰীয়ে এই ঘটনা সন্দৰ্ভত মুখ খোলা উচিত বুলি সদৰি কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে অসমৰ ৰাইজক জনোৱা উচিত যে পশ্চিমবংগৰ আৰক্ষীয়ে পলাতক ব্যৱসায়ীজনৰ বিৰুদ্ধে কি কি অভিযোগ উত্থাপন কৰিছে ।

কিয়নো কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অপৰাধীৰ বিৰুদ্ধে হোৱা তদন্তত দুয়োখন ৰাজ্যৰ চৰকাৰে পৰস্পৰক সহায় কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছিল । বিৰোধী দলপতিগৰাকীয়ে ঝাৰখণ্ডৰ বিধায়কক ধন যোগান ধৰা সমস্ত ঘটনাৰ উচিত তদন্ত দাবী কৰে। লগতে পশ্চিমবংগৰ আৰক্ষীক সহযোগ কৰাৰ বাবেও দাবী জনায় ।

লগতে পঢ়ক:Assam Arunachal Pradesh border issues : অসম-অৰুণাচল সীমা বিবাদ: ১৫ ছেপ্তেম্বৰৰ পাচত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠক

For All Latest Updates

ABOUT THE AUTHOR

...view details