গুৱাহাটী, ১৭ আগষ্ট:“মিত্ৰতাত সকলোৱে সকলোকে সন্মান কৰা উচিত ৷ সকলোৱে সকলোৰে বাবে চিন্তা কৰা উচিত । ইয়াৰ অৰ্থ এইটো নহয় যে সুবিধা পালেই কাৰোবাক লেং মাৰি গুচি যাব !" উল্লেখ্য যে, ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰা প্ৰসংগত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বুধবাৰে মিত্ৰদল কংগ্ৰেছক কৰা সমালোচনাই ক্ষুণ্ণ কৰি তুলিছে প্ৰদেশ কংগ্ৰেছক ৷ অখিল গগৈৰ এই মন্তব্যক উভতি ধৰিছে ক্ষুন্ন কংগ্ৰেছে ৷ এই সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উক্ত মন্তব্য কৰে ৷
বিৰোধীৰ দলপতিগৰাকীয়ে অখিল গগৈৰ মন্তব্য খণ্ডন কৰি কয়, “কংগ্ৰেছে নিজৰ কাম উপযুক্তভাৱে পালন কৰিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তেখেতে এনেকৈ কোৱাটো উচিত হোৱা নাই ৷ আজি কংগ্ৰেছৰ বৈঠক আছে, আমাৰ সভাপতিক এই বিষয়ে প্ৰশ্ন সোধা হ’ব ৷ যেনেকৈ দিল্লীত কেজৰিৱালে কৈছে যদি কংগ্ৰেছেই সকলো আসনত নিৰ্বাচন খেলে তেন্তে বেলেগে কি খেলিব ? কেৱল খেলিবলৈ ল’লেই নহ’ব, জিকিবও পাৰিব লাগিব ৷”