গুৱাহাটী, ১১ জানুৱাৰী :ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে বিজেপি চৰকাৰে অনুমতি নিদিলে অসমৰ মানুহৰ অনুমতি লৈ খেতিপথাৰত সভা কৰা হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেতা তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলত দেৱব্ৰত শইকীয়াই কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি বিজেপিয়ে বাধা দিলেও এই বাধা নেওচি ৰাইজক লৈ এই যাত্ৰা কৰা হ'ব ।
তেওঁ কয় যে এই যাত্ৰাৰ বাবে অনুমতি বিচাৰি চৰকাৰী কাৰ্যালয়ত আৱেদন কৰা হৈছে । এতিয়ালৈকে অনুমতি দিয়া নাই । কংগ্ৰেছে এই যাত্ৰা শান্তিপূৰ্ণভাৱে কৰিব । এই যাত্ৰা কোনো আইন শৃংখলা বিঘ্নিত হোৱা কাম নকৰিব । তেওঁ কয় যে সংবিধানৰ ৰক্ষা কৰা আৰু সজাগতাৰ সৃষ্টি কৰাৰ বাবে এই যাত্ৰা কৰা হ’ব ।
বিজেপিয়ে সংবিধান উলংঘন কৰি নতুন সংবিধান ৰচনা কৰিব বিচাৰিছে । দেশৰ সংবিধানখন দেশৰ সকলো মানুহৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল । কিন্তু বিজেপিয়ে দেশৰ এই সংবিধানখন সলনি কৰিব বিচাৰিছে ।